‘কা’ বাতিল, ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানৰ অত্যাচাৰৰ বিৰুদ্ধে ছাত্ৰ মুক্তি আৰু নাৰী মুক্তিৰ উত্তাল প্ৰতিবাদ

IMG-20200214-WA0033

ফটো: নৰ্থইষ্ট নাও

শুকুৰবাৰে শিৱসাগৰ জিলাৰ আমগুৰিত নাগৰিকত্ব সংশোধনী আইন বাতিল, অখিল গগৈ সহ সকলো আন্দোলনকাৰীক মুক্তিৰ দাবীত আৰু ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠান সমুহে দুখীয়া জনগণক কৰা অত্যাচাৰৰ প্ৰতিবাদত এক গণ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

শিৱসাগৰ জিলাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু নাৰী মুক্তি সংগ্ৰাম সমিতিৰ কেইবা শতাধিক সদস্যই আমগুৰি চহৰত এক বৃহৎ প্ৰতিবাদী সমদল বাহিৰ কৰে।

প্ৰতিবাদকাৰী সকলে আমগুৰি ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত নাগৰিকত্ব সংশোধনী আইন বাতিল কৰক, অখিল গগৈ সহ সকলো আন্দোলনকাৰীক মুক্তি দিয়ক, দমন নীতি বন্ধ কৰক, আমাক NIA নহয় ন্যায় দিয়ক আদি শ্লগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

তদুপৰি, পৰতিবাদকাৰীসকলে ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠান সমুহে দুখীয়া ৰাইজক কৰা অত্যাচাৰ বন্ধ কৰা, অতিৰিক্ত ঋণৰ বোজা হ্ৰাস কৰা আদি শ্ল’গান দিও প্ৰতিবাদ সাৱ্যস্ত কৰে।

প্ৰতিবাদৰ অন্তত আমগুৰি ৰাজহ চক্ৰ বিষয়াক এখন স্মাৰক পত্ৰ প্ৰদান কৰে সংগঠন দুটাই।

ইয়াৰ পূৰ্বে আমগুৰি দেওবৰীয়া বজাৰ গৃহত এখনি প্ৰতিবাদী সভা অনুষ্ঠিত হয়। উক্ত প্ৰতিবাদী সভাত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ শিৱসাগৰ জিলাৰ সভাপতিদ্বয় ৰিতুমণি হাজৰিকা আৰু পৰাশৰ কোঁৱৰ, সাধাৰণ সম্পাদক সীমান্ত গগৈ, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ শিৱসাগৰ জিলাৰ যুটীয়া সম্পাদক প্ৰণয় হাজৰিকাৰ লগতে বহু নেতা কৰ্মী উপস্থিত থাকে।

ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি পৰাশৰ কোঁৱৰে কয়, অসমৰ জণগনে নিবিচৰা নাগৰিকত্ব সংশোধনী আইন কেন্দ্ৰীয় চৰকাৰে অতি শীঘ্ৰে বাতিল কৰিব লাগে। কা’ বিৰোধী আন্দোলনত অংশ লোৱাসকলক চৰকাৰে দমন নীতিৰে বিভিন্ন গোচৰ জাপি দি কাৰাগাৰলৈ প্ৰেৰণ কৰিছে।

অখিল গগৈ সহ সকলো আন্দোলনকাৰীক বিনাচৰ্তে মুক্তি দিবলৈ দাবী জনায় ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতিজনে।

আনহাতে, প্ৰতিবাদী সভাত ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠান বিলাকে দুখীয়া মহিলা সকলক ঋণৰ কিস্তি আদায়ৰ নামত কৰা অত্যাচাৰ বন্ধ কৰিবলৈ দাবী জনায়।

ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠান সমুহে সুদৰ হাৰ হ্ৰাস কৰাৰ লগতে ৰিজাৰ্ভ বেংকৰ নীতি নিয়ম মানি চলিবলৈ আহ্বান জানয় পৰাশৰ কোঁৱৰে।