মুকলি আকাশৰ তললৈ আহিল ছাত্ৰ মুক্তিৰ সাধাৰাণ সম্পাদক বিদ্যুৎ শইকীয়া

বিদ্যুত শইকীয়া

প্ৰায় ২৮ দিন  ধৰি গোলাঘাট জিলা কাৰাগাৰত কাৰাবন্দী হৈ থকা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া আজি মুকলি আকাশৰ তললৈ আহে।

‘কা’ বিৰোধী আন্দোলনত অগ্ৰণী ভূমিকা গ্ৰহণ কৰা ছাত্ৰ নেতা গৰাকীক আজি গোলাঘাট জিলা সত্ৰ ন্যায়িক দণ্ডাধীশ আদালতে জামিন দিয়ে।

যোৱা ২৯ ফেব্ৰুৱাৰীত গোলাঘাট সদৰ থানাৰ আৰক্ষীয়ে ১১৯১/২০১৯ গোচৰ মৰ্মে ভাৰতীয় দণ্ড বিধি আইনৰ ১৪১/১৪২/ ১৪৩/১৮৮/৩৩৬/৩৪১/৩৫৩/৩০৭/৫০৬ ধাৰা আৰু R/W- section. 4 PDPP Actৰ অধীনত গ্ৰেপ্তাৰ কৰি বিদ্যুতক জে’ললৈ প্ৰেৰণ কৰিছিল।

ছাত্ৰ নেগৰাকীৰ বিৰুদ্ধে ‘কা’ বিৰোধী আন্দোলনৰ সময়ত আৰ এছ এছৰ গোলাঘাটৰ কাৰ্যালয়ত অগ্নি সংযোগ কৰা আৰু হত্যাৰ প্ৰচেষ্টা চলোৱাৰ অভিযোগ অনা হৈছিল।

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা মুকুট ডেকাৰ মতে, ‘গোলাঘাটৰ বিতৰ্কিত উপ আৰক্ষী অধীক্ষক পাৰ্থপ্ৰতিম শইকীয়াৰ নিৰ্দেশত সদৰ আৰক্ষীয়ে ষড়যন্ত্ৰমূলকভাবে বিদ্যুতক গ্ৰেপ্তাৰ কৰিছিল।‘

শুকুৰবাৰে গোলাঘাট জিলা সত্ৰ ন্যায়িক দণ্ডাধীশ আদালতে তেওঁক এজন ব্যক্তি আৰু ২০ হাজাৰ টকাৰ আমানতত জামিন মঞ্জুৰ কৰে। ছাত্ৰ নেতাগৰাকীৰ হৈ আদালতত যুক্তি প্ৰদৰ্শন কৰিছিল অধিবক্তা প্ৰাঞ্জল গগৈয়ে।