NORTHEAST NOW (Assamese)

প্ৰদ্যুৎ বৰদলৈয়ে আৰম্ভ কৰা ছিণ্ডিকেট ভাস্কৰ শৰ্মাৰ দিনতো অব্যাহত আছে : ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি

June 28, 2019 6:48 am · মানস প্রতীম গগৈ
Updated: June 28, 2019 6:49 am
তিনিচুকীয়াত বৃহস্পতিবাৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সংবাদমেল। ফটো : নৰ্থইষ্ট নাও

মাৰ্ঘেৰিটাৰ কয়লা ছিণ্ডিকেটক কেন্দ্ৰ কৰি প্ৰদ্যুৎ বৰদলৈ আৰু বিজেপিৰ মাজত তীব্ৰ বাক বিতণ্ডা চলি থকাৰ সময়তে কেতবোৰ বিস্ফোৰক তথ্য দাঙি ধৰি বৃহস্পতিবাৰে তিনিচুকীয়া শাখা সাহিত্য সভা ভৱনত এখন সংবাদ মেল আয়োজন কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে।

সংবাদমেল সম্বোধন কৰি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ তিনিচুকীয়া জিলা সমিতিৰ মুখ্য উপদেষ্টা লক্ষ্যজ্যোতি গগৈ, সভাপতি পাপু দত্তই কয় যে মাৰ্ঘেৰিটাৰ কয়লা ছিণ্ডিকেট আৰম্ভণি কৰা মূল মানুহজনেই প্ৰদ্যুৎ বৰদলৈ। তেওঁৰ মন্ত্ৰিত্বৰ কালছোৱাতে মাৰ্ঘেৰিটাত কয়লা ছিণ্ডিকেট চক্ৰই গা কৰি উঠিছিল৷

ছাত্ৰ মুক্তিৰ নেতাদ্বয়ে কয় যে সেই সময়তেই প্ৰায় পঞ্চাশটাৰো অধিক অবৈধ ক’ক ভাটা প্ৰদ্যুৎ বৰদলৈৰ ঘনিষ্ঠসকলে চৰকাৰী মাটি, এ আৰ এণ্ড টি কোম্পানীৰ মাটি, ট্ৰাইবেল বেল্ট, কৃষিভূমিত স্থাপন কৰিছিল৷

‘’প্ৰদ্যুৎ বৰদলৈয়ে আৰম্ভ কৰা এই ছিণ্ডিকেট দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতি গ্ৰহণ কৰা সৰ্বানন্দ সোণোৱালৰ দিনটো নকমিল। বৰঞ্চ ছিণ্ডিকেট চক্ৰটো আগতকৈ অধিক শক্তিশালীহে হ’ল৷ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, বিধায়ক ভাস্কৰ শৰ্মা তথা বিজেপিৰ নেতা কৰ্মীসকলে ছিণ্ডিকেট নাই বুলি দাবী কৰিলেও প্ৰকৃততে মাৰ্ঘেৰিটা পূৰ্বতকৈ অধিক কয়লাৰ ছিণ্ডিকেট চলি আছে,’’- ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে অভিযোগ কৰে৷

স্বয়ং মাৰ্ঘেৰিটাৰ মহকুমাধিপতি সুমিত সত্তাৱনে যোৱা ৫মে ২০১৮ তাৰিখে তিনিচুকীয়া জিলা দণ্ডাধীশলৈ প্ৰেৰণ কৰা No. MCA6/2015/1999 নং পত্ৰৰ প্ৰতিবেদনৰ জৰিয়তে উক্ত প্ৰতিবেদনত তিনিচুকীয়া জিলাখনৰ লালপাহাৰ, পাহাৰপুৰ, বালিজান, ব’মগাৰা, নামফাই, নামডাং, কয়লাৰ অবৈধ খনন চলি আছে বুলি উল্লেখ কৰাৰ কথা সদৰী কৰি তেওঁলোকে কয়, ‘’মহকুমাধিপতি গৰাকীয়ে উক্ত প্ৰতিবেদনৰ ৭নং দফাত উল্লেখ কৰে যে অবৈধ কয়লাসমূহ সাধাৰণতে মাৰ্ঘেৰিটা মহকুমাস্থিত অবৈধ ক’ক ভাটা সমূহে ক্ৰয় কৰে৷ সেইবাবে ক’ক ভাটাসমূহত নিয়ন্ত্ৰণৰ কৰাৰ পৰামৰ্শ আগবঢ়োৱা হৈছিল।‘’

কেইবাটাও ভাটাই প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ পৰা অনুমতি নোলোৱাকৈ ক’ক ভাটা চলাই আছে বুলি অভিযোগ উত্থাপন কৰি নেতাদ্বয়ে লগতে কয় যে মাৰ্ঘেৰিটা মহকুমাত ৬৮টা ক’ক ভাটাৰ ভিতৰত মাত্ৰ ১২টা ক’ক ভাটাৰহে ফেক্টৰি পৰিদৰ্শকৰ পৰা অনুমতি লোৱা আছে। অবৈধ ক’ক ভাটাসমূহৰ বিৰুদ্ধে স্থানীয় ৰাইজে বহুবাৰ আপত্তি জনোৱাৰ পাছতো অবৈধ ক’ক ভাটাসমূহৰ লগতে জিলাখনত কাঠফুলাৰ দৰে শ শ অবৈধ কয়লা ডিপো আছে সেইসমূহ বন্ধ কৰিবলৈ প্ৰশাসনে সাহস কৰিব নোৱাৰোতো দুৰ্ভাগ্যজনক৷

আনহাতে, অনতিপ্ৰলমে অবৈধ ক’ক ভাটা আৰু ডিপো সমূহ বন্ধ কৰিবলৈ তিনিচুকীয়া জিলা প্ৰশাসনক দাবী জনাই ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে সেয়া নহ’লে চৰকাৰ প্ৰশাসনৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী হাতত ল’বলৈ বাধ্য হ’ব বুলি হুংকাৰ দিয়ে।

Related News