• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এ পি এছ চিৰ তদন্তত নোসোমাল বিজেপি বিধায়ক গুৰুজ্যোতি দাসৰ পত্নী-আত্মীয়, নৰ্থ-ইষ্ট নাওৰ বাতৰিৰ পাছত কংগ্ৰেছৰ প্ৰতিক্ৰিয়া

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
June 27, 2019 10:22 pm
Gurujyoti-Das

মঙলদৈৰ বিজেপি বিধায়ক গুৰুজ্যোতি দাস। ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এ পি এছ চিৰ নিযুক্তি কেলেংকাৰিৰ অভিযোগত অধ্যক্ষ ৰাকেশ পালৰ পৰা আৰম্ভ কৰি ৰঙাঘৰৰ ভাত খালে বহু বিষয়াই। কিন্তু বিভিন্ন পক্ষৰ পৰা অভিযোগৰ আঙুলি উঠাৰ পাছতো এতিয়ালৈ তদন্তৰ আওতালৈ অহা নাই মঙলদৈৰ এটা ‘মেধাবী’ পৰিয়াল। পৰিয়ালটো মঙলদৈৰ বিজেপি বিধায়ক গুৰুজ্যোতি দাসৰ।

গুৰুজ্যোতি দাসৰ পৰিয়ালৰ এ পি এছ চিৰ জৰিয়তে নিযুক্তি পোৱা সদস্যসকলৰ বিৰুদ্ধে তদন্ত নোহোৱা বিষয়টোত নৰ্থ-ইষ্ট নাওৰ সৈতে হোৱা এক বাৰ্তালাপত যোৱা ২৫ জুনত বিজেপিৰেই প্ৰাক্তন সাংসদ ৰমেন ডেকাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল। ডেকাই বিধায়কজনৰ নাম নোলোৱাকৈয়ে ‘এজন বিধায়কৰ পৰিয়ালৰ পাঁচ সদস্য’ক তদন্তলৈ অনাৰ দাবী কৰিছিল।

Apply Now

বিধায়ক গুৰুজ্যোতি দাসৰ পৰিয়ালটো ইমানেই মেধাবী যে এ পি এছ চিৰ অধীনত পৰীক্ষাত উত্তীৰ্ণ হৈ চাকৰি পাইছিল তেওঁৰ পত্নী লীনা দাসৰ পৰা আৰম্ভ কৰি চাৰি খুলশালী নিৰ্মালী দাস, শিখা ৰাণী দাস, ভাৰ্গৱ মনি দাস আৰু মনিদ্বীপ দাসে।

কিন্তু বিধায়ক জনৰ পত্নী আৰু খুলখালী সকলে এইদৰে এ পি এছ চিৰ অধীনত চাকৰি পোৱাৰ পাছত তেওঁলোকৰ নিযুক্তিৰ বৈধতাক লৈ বহুতেই প্ৰশ্ন উত্থাপন কৰিছিল। কাৰণ সেই একেসময়ত নিযুক্তি পোৱা বহুতৰ বিৰুদ্ধে বৃহৎ ধনৰ বিনিময়ত চাকৰি ক্ৰয় কৰাৰ অভিযোগ আছে। তেনেক্ষেত্ৰত গুৰুজ্যোতি দাসৰ পৰিয়ালৰ পৰা নিযুক্তি পোৱাসকল ইমান চোকা নে?

কিন্তু অতি আশ্বৰ্য্যজনকভাৱে এ পি এছ চিৰ বিয়াগোম কেলেংকাৰিৰ তদন্তৰ আওতালৈ এতিয়ালৈ নাহিল বিজেপি বিধায়কজনৰ পৰিয়ালৰ পাঁচজনৰ এজনো। কিন্তু ইয়াৰ বিপৰীতে এ পি এছ চিত অভিযুক্ত হৈ তদন্তৰ সন্মুখীন হোৱাৰ লগতে জেলত সোমাবলগীয়া হ’ল একেটা দলৰে তেতিয়াৰ সাংসদ ৰাম প্ৰসাদ শৰ্মাৰ কন্যা পল্লৱী শৰ্মা।

এ পি এছ চিৰ তদন্তৰ ক্ষেত্ৰত এনেধৰণৰ এৰা ধৰাৰ প্ৰসংগত ৰমেন ডেকাই কৰা মন্তব্য সন্দৰ্ভত ২৫ জুনত নৰ্থ-ইষ্ট নাওৰ ইংৰাজী চাইটত সবিস্তাৰে বাতৰি প্ৰকাশ পাইছিল।

লগতে পঢ়ক: APSC scam: Ramen Deka seeks probe against BJP legislator’s relatives

এই সন্দৰ্ভত এইবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম প্ৰদেশ কংগ্ৰেছেও। প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা জ্যেষ্ঠ মুখপাত্ৰ অপূৰ্ব ভট্টাচাৰ্য্যই বৃহস্পতিবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত অনুষ্ঠিত এখন সংবাদমেলত প্ৰাক্তন সাংসদ ৰমেন ডেকাই কৰা মন্তব্যৰ উদ্ধৃতিৰেই বিজেপি চৰকাৰৰ ‘দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতা’ৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে।

‘’বিজেপিয়ে খেনোক দেখি ৰান্ধে-বাঢ়ে, খেনোক দেখি দুৱাৰ মাৰে নীতিত চলে। আৰ পি শৰ্মাৰ কন্যাৰ বিৰুদ্ধে তদন্ত হ’ল, জেললৈ গ’ল, কিন্তু গুৰুজ্যোতি দাসৰ পৰিয়ালৰ ক্ষেত্ৰত মৌন কিয়? এইক্ষেত্ৰত দুৰ্নীতি হোৱা নাছিল নেকি?’’- অপূৰ্ব ভট্টাচাৰ্য্যই সংবাদমেলত কয়।

ভট্টাচাৰ্য্যই লগতে ৰাকেশ পালৰ ঘৰত তালাচী চলোৱাৰ সময়ত লাভ কৰা বিভিন্ন জনে নিজ নিজ পচন্দৰ প্ৰাৰ্থী সন্দৰ্ভত চুপাৰিশ কৰা তালিকা সন্দৰ্ভতো শাসকীয় বিজেপি নিমাত বুলি মন্তব্য কৰে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

এনচিইআৰটিৰ পাঠ্যক্ৰমত ডাঙৰ সালসলনি: বাদ পৰিল হিটলাৰ, অন্তৰ্ভুক্ত হ’ল সাভাৰকাৰৰ স্বৰাজৰ দাবী

এনচিইআৰটিৰ পাঠ্যক্ৰমত ডাঙৰ সালসলনি: বাদ পৰিল হিটলাৰ, অন্তৰ্ভুক্ত হ’ল সাভাৰকাৰৰ স্বৰাজৰ দাবী

July 9, 2026 7:31 pm
সংগীত জগতৰ অন্যতম শ্ৰেষ্ঠ আৰু বিখ্যাত গায়িকা বনি টেইলৰৰ দেহাৱসান

সংগীত জগতৰ অন্যতম শ্ৰেষ্ঠ আৰু বিখ্যাত গায়িকা বনি টেইলৰৰ দেহাৱসান

July 9, 2026 6:31 pm
লৰেন্স বিষ্ণোইক ভাৰতৰ পৰা প্ৰত্যাৰ্পণৰ পথত আমেৰিকা? নিজ্জৰ হত্যাকাণ্ডত বৃহৎ পদক্ষেপৰ প্ৰস্তুতি

লৰেন্স বিষ্ণোইক ভাৰতৰ পৰা প্ৰত্যাৰ্পণৰ পথত আমেৰিকা? নিজ্জৰ হত্যাকাণ্ডত বৃহৎ পদক্ষেপৰ প্ৰস্তুতি

July 9, 2026 6:19 pm
মোবাইল টাৱাৰ নোহোৱা ঠাইতো চলিব ফোন, বিএছএনএলে আনিলে ১,৩৪,১৬৬ টকীয়া বিশেষ ছেটেলাইট ফোন

মোবাইল টাৱাৰ নোহোৱা ঠাইতো চলিব ফোন, বিএছএনএলে আনিলে ১,৩৪,১৬৬ টকীয়া বিশেষ ছেটেলাইট ফোন

July 9, 2026 6:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এনচিইআৰটিৰ পাঠ্যক্ৰমত ডাঙৰ সালসলনি: বাদ পৰিল হিটলাৰ, অন্তৰ্ভুক্ত হ’ল সাভাৰকাৰৰ স্বৰাজৰ দাবী

এনচিইআৰটিৰ পাঠ্যক্ৰমত ডাঙৰ সালসলনি: বাদ পৰিল হিটলাৰ, অন্তৰ্ভুক্ত হ’ল সাভাৰকাৰৰ স্বৰাজৰ দাবী

July 9, 2026 7:31 pm
সংগীত জগতৰ অন্যতম শ্ৰেষ্ঠ আৰু বিখ্যাত গায়িকা বনি টেইলৰৰ দেহাৱসান

সংগীত জগতৰ অন্যতম শ্ৰেষ্ঠ আৰু বিখ্যাত গায়িকা বনি টেইলৰৰ দেহাৱসান

July 9, 2026 6:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd