• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

প্ৰদ্যুৎ বৰদলৈয়ে আৰম্ভ কৰা ছিণ্ডিকেট ভাস্কৰ শৰ্মাৰ দিনতো অব্যাহত আছে : ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি

NE NOW NEWS মানস প্রতীম গগৈ
মার্ঘেৰিটা , June 28, 2019 6:49 am

2 min read

IMG_20190627_194055

তিনিচুকীয়াত বৃহস্পতিবাৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সংবাদমেল। ফটো : নৰ্থইষ্ট নাও

621
VIEWS
Share on FacebookShare on Twitter

মাৰ্ঘেৰিটাৰ কয়লা ছিণ্ডিকেটক কেন্দ্ৰ কৰি প্ৰদ্যুৎ বৰদলৈ আৰু বিজেপিৰ মাজত তীব্ৰ বাক বিতণ্ডা চলি থকাৰ সময়তে কেতবোৰ বিস্ফোৰক তথ্য দাঙি ধৰি বৃহস্পতিবাৰে তিনিচুকীয়া শাখা সাহিত্য সভা ভৱনত এখন সংবাদ মেল আয়োজন কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে।

সংবাদমেল সম্বোধন কৰি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ তিনিচুকীয়া জিলা সমিতিৰ মুখ্য উপদেষ্টা লক্ষ্যজ্যোতি গগৈ, সভাপতি পাপু দত্তই কয় যে মাৰ্ঘেৰিটাৰ কয়লা ছিণ্ডিকেট আৰম্ভণি কৰা মূল মানুহজনেই প্ৰদ্যুৎ বৰদলৈ। তেওঁৰ মন্ত্ৰিত্বৰ কালছোৱাতে মাৰ্ঘেৰিটাত কয়লা ছিণ্ডিকেট চক্ৰই গা কৰি উঠিছিল৷

ছাত্ৰ মুক্তিৰ নেতাদ্বয়ে কয় যে সেই সময়তেই প্ৰায় পঞ্চাশটাৰো অধিক অবৈধ ক’ক ভাটা প্ৰদ্যুৎ বৰদলৈৰ ঘনিষ্ঠসকলে চৰকাৰী মাটি, এ আৰ এণ্ড টি কোম্পানীৰ মাটি, ট্ৰাইবেল বেল্ট, কৃষিভূমিত স্থাপন কৰিছিল৷

‘’প্ৰদ্যুৎ বৰদলৈয়ে আৰম্ভ কৰা এই ছিণ্ডিকেট দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতি গ্ৰহণ কৰা সৰ্বানন্দ সোণোৱালৰ দিনটো নকমিল। বৰঞ্চ ছিণ্ডিকেট চক্ৰটো আগতকৈ অধিক শক্তিশালীহে হ’ল৷ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, বিধায়ক ভাস্কৰ শৰ্মা তথা বিজেপিৰ নেতা কৰ্মীসকলে ছিণ্ডিকেট নাই বুলি দাবী কৰিলেও প্ৰকৃততে মাৰ্ঘেৰিটা পূৰ্বতকৈ অধিক কয়লাৰ ছিণ্ডিকেট চলি আছে,’’- ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে অভিযোগ কৰে৷

স্বয়ং মাৰ্ঘেৰিটাৰ মহকুমাধিপতি সুমিত সত্তাৱনে যোৱা ৫মে ২০১৮ তাৰিখে তিনিচুকীয়া জিলা দণ্ডাধীশলৈ প্ৰেৰণ কৰা No. MCA6/2015/1999 নং পত্ৰৰ প্ৰতিবেদনৰ জৰিয়তে উক্ত প্ৰতিবেদনত তিনিচুকীয়া জিলাখনৰ লালপাহাৰ, পাহাৰপুৰ, বালিজান, ব’মগাৰা, নামফাই, নামডাং, কয়লাৰ অবৈধ খনন চলি আছে বুলি উল্লেখ কৰাৰ কথা সদৰী কৰি তেওঁলোকে কয়, ‘’মহকুমাধিপতি গৰাকীয়ে উক্ত প্ৰতিবেদনৰ ৭নং দফাত উল্লেখ কৰে যে অবৈধ কয়লাসমূহ সাধাৰণতে মাৰ্ঘেৰিটা মহকুমাস্থিত অবৈধ ক’ক ভাটা সমূহে ক্ৰয় কৰে৷ সেইবাবে ক’ক ভাটাসমূহত নিয়ন্ত্ৰণৰ কৰাৰ পৰামৰ্শ আগবঢ়োৱা হৈছিল।‘’

কেইবাটাও ভাটাই প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ পৰা অনুমতি নোলোৱাকৈ ক’ক ভাটা চলাই আছে বুলি অভিযোগ উত্থাপন কৰি নেতাদ্বয়ে লগতে কয় যে মাৰ্ঘেৰিটা মহকুমাত ৬৮টা ক’ক ভাটাৰ ভিতৰত মাত্ৰ ১২টা ক’ক ভাটাৰহে ফেক্টৰি পৰিদৰ্শকৰ পৰা অনুমতি লোৱা আছে। অবৈধ ক’ক ভাটাসমূহৰ বিৰুদ্ধে স্থানীয় ৰাইজে বহুবাৰ আপত্তি জনোৱাৰ পাছতো অবৈধ ক’ক ভাটাসমূহৰ লগতে জিলাখনত কাঠফুলাৰ দৰে শ শ অবৈধ কয়লা ডিপো আছে সেইসমূহ বন্ধ কৰিবলৈ প্ৰশাসনে সাহস কৰিব নোৱাৰোতো দুৰ্ভাগ্যজনক৷

আনহাতে, অনতিপ্ৰলমে অবৈধ ক’ক ভাটা আৰু ডিপো সমূহ বন্ধ কৰিবলৈ তিনিচুকীয়া জিলা প্ৰশাসনক দাবী জনাই ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে সেয়া নহ’লে চৰকাৰ প্ৰশাসনৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী হাতত ল’বলৈ বাধ্য হ’ব বুলি হুংকাৰ দিয়ে।

Recent News

তামুলপুৰৰ দুৰ্ভগীয়া পৰিয়ালৰ কাহিনী

এটি দুর্ভগীয়া পৰিয়াল! লকডাউনৰ মাজতে হোৱা দুৰ্ঘটনাৰ পাছত এক জীয়া জীৱন সংগ্ৰামৰ কাহিনী

a melas

অসম চুক্তিৰ ৬ নং দফা ৰূপায়ন আৰু বিদেশী সমস্যা সমাধানৰ দাবীত বিশ্বনাথ জিলা ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী

a melas

ক্ষমতাত নথকা ট্ৰাম্পৰ সৈতে ফটো এখন উঠিবলৈও অনিচ্ছা মেলানিয়াৰ! চাওঁক ভিডিঅ’

couple died corona after celebrating 70th anniversary

মাৰাত্মক কৰ’না! নিজৰ ৭০তম বিবাহবাৰ্ষিকী উদযাপন কৰাৰ পাছতে কৰ’নাত মৃত্যু দম্পতিৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd