চৌদি আৰৱত শনিবাৰে এদিনতে ৮১জনৰ মৃত্যুদণ্ড কাৰ্যকৰী কৰা হয়।হত্যা, একাধিক জঘন্য অপৰাধ তথা সন্ত্ৰাসবাদী সংগঠনৰ সৈতে জড়িত ৮১জন লোকৰ মৃত্যুদণ্ড কাৰ্যকৰী কৰা হয়।
চৌদি আৰৱৰ আধুনিক ইতিহাসত এদিনত এইটোৱে হৈছে সৰ্বাধিক মৃত্যুদণ্ড কাৰ্যকৰী কৰাৰ অভিলেখ। ইয়াৰ পূৰ্বে ১৯৮০চনত মক্কাৰ গ্ৰেণ্ড মছজিদ দখলত অভিযুক্ত ৬৩জনক শিৰচ্ছেদ কৰি মৃত্যুদণ্ড দিয়া হৈছিল।
চৌদি সংবাদ প্ৰতিষ্ঠানৰ বাতৰিত শনিবাৰে এই মৃত্যুদণ্ড কাৰ্যকৰী কৰাৰ খবৰ জনোৱা হয়।
লগতে পঢ়ক: ৰাছিয়া-ইউক্ৰেইন যুদ্ধ: ইউক্ৰেইনৰ হৈ যুদ্ধত নামিল বিশ্বৰ শ্ৰেষ্ঠ স্নাইপাৰ ‘ৱালি’
নিৰীহ পুৰুষ, মহিলা আৰু শিশুৰ হত্যাকাৰীৰ পৰা আৰম্ভ কৰি বিভিন্ন অপৰাধত দোষী সাৱ্যস্ত মুঠ ৮১জন লোকৰ মৃত্যুদণ্ড কাৰ্যকৰী কৰা হয়। ইয়াৰ ভিতৰত আল কায়দা, আই এছ আৰু ইয়েমেনৰ হাউথি বিদ্ৰোহীও আছে।
বাতৰি অনুসৰি, মৃত্যুদণ্ড কাৰ্যকৰী কৰা এই ৮১জনৰ ভিতৰত ৭৩জনেই হৈছে চৌদি আৰৱৰ নাগৰিক। বাকী ৭জন ইয়েমেন আৰু এজন ছিৰিয়াৰ নাগৰিক। সন্ত্ৰাসবাদৰ বিৰুদ্ধে চৌদি আৰৱৰ কঠোৰ পদক্ষেপৰ ইংগিত এই ঘটনাই বহন কৰিছে।
লগতে পঢ়ক: বস্ত্ৰ নগৰী শুৱালকুছিত ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন তাৰকা ইউছুফ পাঠান
উল্লেখ্য যে ২০১৬চনত চৌদি আৰৱত একেলগে ৪৭জনৰ মৃত্যুদণ্ড কাৰ্যকৰী কৰা হৈছিল। সেই বছৰৰ জানুৱাৰীত একেলগে এই ৪৭জনক ফাঁচি দিয়া হৈছিল। ২০১৯ চনতো ৩৭জন চৌদি আৰৱৰ নাগৰিকৰ শিৰচ্ছেদ কৰি মৃত্যুদণ্ড কাৰ্যকৰী কৰা হৈছিল। কিন্তু শনিবাৰে এইক্ষেত্ৰত দেশখনে গঢ়িলে এক নতুন অভিলেখ।