NORTHEAST NOW (Assamese)

ছৌদি যুৱৰাজ আল ওৱালেড আৰু ধনকুবেৰ এলন মাস্কৰ মাজত ‘টুইটাৰ’ক লৈ বিবাদে আনিছে বিপদ!

April 15, 2022 9:09 pm · এন ই নাও নিউজ, গুৱাহাটী

টুইটাৰৰ মালিকীস্বত্ব ক্ৰয়ক কেন্দ্ৰ কৰি এইবাৰ ছৌদি যুৱ ৰাজ আল ওৱালেড বিন তালালৰ সৈতে বিবাদত জড়িত হৈ পৰিছে আমেৰিকাৰ ধনকুবেৰ তথা প্ৰযুক্তি সংস্থা টেচলা তথা মহাকাশ বিষয়ক সংস্থা স্পেচ এক্সৰ প্ৰতিষ্ঠাপক এলন মাস্ক।

এলন মাস্কে টুইটাৰত ছৌদি আৰৱৰ ভূমিকাকলৈ প্ৰশ্ন উত্থাপন কৰিছিল। এলন মাস্কে  টুইটাৰ ক্ৰয়ৰ বাবে ৪৩ বিলিয়ন ডলাৰৰ প্ৰস্তাৱ আগবঢ়াইছিল যদিও সেয়া ছৌদি যুৱৰাজ তালালে পছন্দ কৰা নাই।

যুৱৰাজ তালালৰ মতে এই মূল্য টুইটাৰৰ প্ৰকৃত মূল্যতকৈ বহুত কম।

লগতে পঢ়ক: উত্তৰ কোৰিয়াই চুৰ কৰিছে ৬১৫ মিলিয়ন ডলাৰ ক্ৰিপ্টোকাৰেন্সি; দাবী এফবিআইৰ

ছৌদি যুৱৰাজে তেওঁৰ টুইটাৰ একাউন্টত লিখিছে, ‘’টুইটাৰৰ ডাঙৰ আৰু দীঘলীয়া দিনৰ অংশীদাৰ হিচাপে মই এই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছো।‘’ যুৱৰাজ তালালৰ টুইটাৰৰ প্ৰত্যুত্তৰ দিছে এলন মাস্কেও।

টুইটাৰত বৰ্তমান মাস্কৰ অংশীদাৰিত্ব ৯.২শতাংশ। তেওঁ টুইটাৰত ছোদি যুৱৰাজ তালালৰ প্ৰত্যক্ষ বা পৰোক্ষভাৱে কিমান অংশীদাৰিত্ব আছে জানিব বিচাৰিছে। তদুপৰি, মাস্কে সাংবাদিকতাৰ বাক স্বাধীনতাৰ সম্পৰ্কত ৰাজতন্ত্ৰৰ (ছৌদিৰ) দৃষ্টিভংগীও জানিব বিচাৰে।

এলন মাস্কে মত প্ৰকাশৰ স্বাধীনতা বহন কৰা স্বতন্ত্ৰ মাধ্যম হিচাপে টুইটাৰক গঢ় দিবলৈ মালিকীস্বত্ব ল’ব বিচাৰে বুলি সদৰী কৰিছে।

লগতে পঢ়ক: যুদ্ধ জাহাজ ‘মস্কোভা’ত মিছাইল আক্ৰমণৰ প্ৰতিক্ৰিয়া! কীয়েভত ৰাছিয়াৰ বোমাবৰ্ষণ

এতিয়া দুগৰাকী শক্তিশালী প্ৰতিপক্ষই টুইটাৰকো উলম্ব বিভাজনৰ পিনে  লৈ গৈছে। কোনোৱে যদি ছৌদি আৰৱৰ  গণ মাধ্যমৰ নীতিৰ সমালোচনা কৰিছে, আনগৰাকীয়ে আকৌ আমেৰিকাৰ মানৱাধিকাৰ প্ৰসংগকলৈয়ো প্ৰশ্ন তুলিছে।   

Related News