দেশক এতিয়া লকডাউনৰ পৰা বচাব লাগিব, এয়া শেষ অস্ত্ৰ হোৱা উচিত; আৰু কি ক’লে প্ৰধানমন্ত্ৰীয়ে?

pmmodi

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে ৰাষ্ট্ৰক উদ্দেশ্যি ভাষণ দিয়াৰ কথা ঘোষণা কৰাৰ পাছতে সকলোৱে পুনৰ লকডাউন হ’ব পাৰে বুলি শংকিত হৈ পৰিছিল।

কিন্তু প্ৰধানমন্ত্ৰীয়ে দিয়া তেওঁৰ ১৯ মিনিটৰ ভাষণত স্পষ্ট কৰি দিলে যে দেশ লকডাউনৰ দিশে আগবঢ়া নাই।

প্ৰধানমন্ত্ৰীয়ে ইয়াৰ পৰিৱৰ্তে সৰু সৰু কন্টেইনমেন্ট জ’ন, কৰ’না বিধি পালনৰ ওপৰতহে গুৰুত্ব আৰোপ কৰে। সেইদৰে, ৰাজ্যসমূহক কৰ’না প্ৰতিৰোধৰ অন্তিম উপায় হিচাপেহে লকডাউন ব্যৱহাৰ কৰাৰ আহ্বান জনায় প্ৰধানমন্ত্ৰীয়ে।

প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ ভাষণত কয় যে কৰ’না ভাইৰাছৰ বিৰুদ্ধে দেশে আজি বৃহৎ যুঁজ দিছে। কৰ’নাৰ দ্বিতীয় ঢৌত দেশবাসীয়ে যি যন্ত্ৰণাৰ মাজেৰে আগবাঢ়িছে তাত পৰিয়ালৰ এগৰাকী সদস্যৰ দৰে মই আপোনালোকৰ সৈতে আছো।

চিকিৎসক, আৰক্ষী, চাফাইকৰ্মীসকলক প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁলোকে নিজৰ পৰিয়ালৰ কথা নাভাৱি যিদৰে সমাজৰ বাবে কাম কৰিছে সেয়া প্ৰশংসনীয়।

বিগত কেইদিনত যি সিদ্ধান্ত লোৱা হৈছে তথা পদক্ষেপ গ্ৰহণ কৰা হৈছে সিয়ে ক্ষিপ্ৰতাৰে পৰিস্থিতিৰ উন্নতি কৰিব বুলি কয় মোদীয়ে। এইবাৰ দেশত অক্সিজেন চাহিদা বৃদ্ধি পোৱা বুলি উল্লেখ কৰি ইয়াৰ সমাধানৰ বাবে কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু বেচৰকাৰী সংস্থাসমূহে কাম কৰিছে বুলি জানিব দিয়ে প্ৰধানমন্ত্ৰীয়ে।

কৰ’নাৰ সংক্ৰমণ বৃদ্ধি পোৱাত দৰৱ কোম্পানীসমূহে উৎপাদনৰ পৰিমান বৃদ্ধি কৰিছে। চলিত বছৰৰ জানুৱাৰী-ফেব্ৰুৱাৰীৰ তুলনাত উৎপাদন বৃদ্ধি কৰা হৈছে। সেইদৰে হাস্পাতলসমূহত বিছনাৰ সংখ্যাও বৃদ্ধি কৰাৰ কাম চলি আছে। কেইবাটাও স্থানত কৰ’না ৰোগীৰ সংখ্যা বৃদ্ধি হোৱাত তাত বৃহৎ আকাৰৰ কৰ’না হাস্পাতাল নিৰ্মাণ কৰা হৈছে।

টীকাকৰণৰ আৰম্ভণিৰ পৰাই সকো শ্ৰেণীৰ লোকক টীকা দিয়াৰ চেষ্টা কৰা হৈছে বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে।

প্ৰধানমন্ত্ৰী ভাষণত কয় যে পূৰ্বৰ দৰেই চৰকাৰী হাস্পাতলসমূহত বিনামূলীয়াকৈ ভেকচিন পোৱা যাব। অৰ্থনৈতিক গতিবিধি তথা জীৱন-জীৱিকাৰ ওপৰত যাতে অতি কম প্ৰভাৱ পৰে তাৰ চেষ্টা কৰা হৈছে। তাৰ বাবেই দেশৰ কৰ্মশক্তিক যিমান দ্ৰুতভাৱে পাৰি টীকাকৰণ কৰা হ’ব।

প্ৰধানমন্ত্ৰীয়ে ৰাজ্য চৰকাৰসমূহক অনুৰোধ জনায় যে শ্ৰমিকসকল য’ত আছে তাতেই থকাৰ বাবে আশ্বস্ত কৰক। তেওঁলোকক তাতেই ভেকচিন প্ৰদান কৰা হ’ব আৰু তাতেই কাম কৰিব পাৰিব।

দেশবাসীক কৰ’নাৰ বিৰুদ্ধে যুঁজত কৃতিত্ব প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে যোৱা বছৰৰ তুলনাত এইবাৰৰ পৰিস্থিতি সম্পূৰ্ণ পৃথক।

সংকটৰ সময়ত দেশবাসীক আগবাঢ়ি আহিবলৈ আহ্বান জনাই যাৰ প্ৰয়োজন তেওঁলোকক সহায় কৰিবলৈকো আবেদন জনায়। তদুপৰি, যুৱ প্ৰজন্মক নিজৰ নিজৰ অল্চলত সৰু সমিতি গঠন কৰি কৰ’নাৰ সুৰক্ষা বিধি মানি চলাৰ শিক্ষা দিবলৈ অনুৰোধ জনাই প্ৰধানমন্ত্ৰীয়ে কয় যে সেয়ে হ’লে লকডাউনতো দূৰৰে কথা, কন্টেইনমেন্ট জ’ন, কাৰ্ফিউৰো প্ৰয়োজন নহ’ব।

প্ৰধানমন্ত্ৰীয়ে লগতে কনিষ্ঠ নাগৰিকসকলক অনুৰোধ জনাই কয় যে ঘৰত এনে নিয়ম আৰম্ভ কৰক যাতে তেওঁলোকে প্ৰয়োজন নহ’লে একেবাৰে ঘৰৰ পৰা বাহিৰলৈ নোলায়। এনে অৱস্থাত দেশক লকডাউনৰ পৰা বচাব লাগিব।