NORTHEAST NOW (Assamese)

‘মোৰ চহৰক পৰৱৰ্তী য়ুহান হোৱাৰ পৰা ৰক্ষা কৰক’; আগ্ৰাৰ মেয়ৰে পত্ৰ লিখিলে উপ-মুখ্য মন্ত্ৰীলৈ

April 27, 2020 4:56 pm · এন ই নাও নিউজ
Updated: April 27, 2020 4:57 pm
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

পৰৱৰ্তী য়ুহান হোৱাৰ পৰা প্ৰসিদ্ধ চহৰ আগ্ৰাক ৰক্ষা কৰাৰ বাবে আগ্ৰাৰ মেয়ৰ নবীন জৈনে উত্তৰপ্ৰেদশৰ উপমুখ্য মন্ত্ৰী দিনেশ বাৰ্মালৈ পত্ৰ প্ৰেৰণ কৰিছে।

মেয়ৰ গৰকীয়ে ২১ এপ্ৰিলত উপ মুখ্য মন্ত্ৰী গৰাকীলৈ পত্ৰখন প্ৰত্যক্ষাভাৱে প্ৰেৰণ কৰিছিল।

পত্ৰখনৰ শেষৰ অংশত হিন্দীত লিখা আছে। আৰু হিন্দীতে মেয়ৰ গৰাকীয়ে যদিহে আগ্ৰাত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ এতিয়াই ৰোধ কৰা নাযায় তেতিয়াহ’লে ই পৰৱৰ্তী চীনৰ য়ুহান হ’বলৈ গৈ আছে যি বৰ্তমান সমগ্ৰ বিশ্বক কঠিন সময়ৰ মাজলৈ থেলি দিছে।

পত্ৰখনত জৈনে স্থানীয় প্ৰশাসনক কাম নাই বুলিও উল্লেখ কৰিছে।

‘‘স্থানীয় প্ৰশানৰ দ্বাৰা নিৰ্মাণ কৰা কোৱাৰিণ্টাইন চেণ্টাৰ সমূহত কোনোধৰণৰ টেষ্টিং কৰা হোৱা নায়। খোৱা পানী আৰু খাদ্যৰো কোনোধৰণৰ ব্যৱস্থা কৰা হোৱা নায়। চৰকাৰী চিকিৎসালয় সমূহত ৰোগীক অন্যৰোগৰ চিকিৎসা প্ৰদান কৰিব পৰা হোৱা নাই, যাৰফলত বহুলোকৰ চিকিৎসাৰ অভাৱত মৃত্যু হৈছে। ব্যক্তিগতখণ্ডৰ চিকিৎসালয় সমূহে কাগজে-পত্ৰইহে কাম কৰি আছে কিন্ত প্ৰকৃততে একো কৰা নায়,’’ পত্ৰখনত জৈনে এনেদৰে লগতে উল্লেখ কৰে।

আগ্ৰাৰ মেয়ৰ গৰাকীয়ে সময় থাকোতে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে মানুহ খঙাল হৈ পৰিব আৰু যাৰবাবে বিজেপিৰ ক্ষতি হ’ব বুলি ভয় কৰি চিন্তা ব্যক্ত কৰিছে।

উল্লেখযোগ্য যে, উত্তৰপ্ৰদেশত বৰ্তমানলৈ ১৮৪৩ গৰাকী লোক ক’ৰ’না ভাইৰাছত আক্ৰান্ত হোৱাৰ বিপৰীতে ২৯ গৰাকী লোকৰ ক’ৰ’নাৰ সংক্ৰমণৰ ফলত মৃত্যু হৈছে।

Related News