সোৱণশিৰি নদী ৰক্ষা কৰক, বিশেষজ্ঞৰ পৰামৰ্শ অনুসৰি বৃহৎ নদীবান্ধ বন্ধ কৰক : ডি ৱাই এফ আই
বিশেষজ্ঞ কমিটি, দল-সংগঠন আৰু ৰাইজৰ প্ৰতিবাদ আৰু অভিযোগক কোনো গুৰুত্ব নিদি সোৱণশিৰি নদীৰ বুকুত বৃহৎ নদীবান্ধ নিৰ্মাণৰ ফলত আশংকা কৰা ধৰণে নদীখনৰ কৰুণ পৰিণতি পৰিলক্ষিত হ’ল।
ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই)ৰ অসম ৰাজ্যিক কমিটিয়ে এই ঘটনাত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে আৰু মানৱ সভ্যতা আৰু জৈৱ-বৈচিত্ৰতালৈ বিপদ কঢ়িয়াই অনা এনে নদীবান্ধৰ কাম বন্ধ ৰাখিবলৈ দাবী জনাইছে।
নামনি সোৱণশিৰি নদী বান্ধৰ ডাইভাৰ্ছন টানেল বন্ধ হোৱাৰ ফলত ২৭ অক্টোবৰৰ দিনা মুহূৰ্তৰ ভিতৰতে সোৱণশিৰিৰ বুকু শুকাই উদং হৈ যায়। ইয়াৰ ফলত নদীখনৰ জৈৱ-বৈচিত্ৰ্য লগতে নৈ-পৰীয়া ৰাইজৰ ওপৰতো বিৰূপ প্ৰভাৱ পৰা পৰিলক্ষিত হয়। কুইন্টলে কুন্টলে মাছ-কাছৰ মৃত্যু হয়। এয়া ভয়াবহ ভবিষ্যতৰে ইংগিত।
সোৱণশিৰিৰ যি অংশত বান্ধ নিৰ্মাণ কৰা হৈছে সেই অংশৰ পাহাৰ ঠুনুকা বুলি বিশেষজ্ঞ কমিটি জনাইছিল আৰু যিকোনো মুহূৰ্ততে বিপদ হোৱাৰ আশংকা প্ৰকাশ কৰিছিল। কিন্তু কোনো বাদ-প্ৰতিবাদ আৰু বৈজ্ঞানিক যুক্তি মানি ল’বলৈ অস্বীকাৰ কৰা বিজেপি চৰকাৰখনে তীব্ৰ গতিত বান্ধৰ কাম আৰম্ভ কৰে। ইয়াৰ বিষম পৰিণতি ২৭ অক্টোবৰৰ ঘটনা।
বৃহৎ বান্ধটো নিৰ্মাণ কৰোতে ৰাইজৰ সুৰক্ষাৰ দিশটো যে কোনো গুৰুত্ব নাপালে সেয়া ইতিমধ্যে প্ৰমাণিত হ’ল। ভবিষতে আৰু ভয়ানক ঘটনা সংঘটিত হৈ নামনি অংশৰ ধন-জনৰ বৃহৎ ক্ষতি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। এনে প্ৰেক্ষাপটত ডি ৱাই এফ আইয়ে নামনি সোৱণশিৰিৰ বৃহৎ নদীবান্ধৰ কাম বন্ধ ৰাখিবলৈ দাবী জনোৱাৰ লগতে ৰাইজৰ জীৱন আৰু জৈৱ-বৈচিত্ৰতাকলৈ হেতালি নেখেলিবলৈ বিজেপি চৰকাৰক সকিয়াই দিছে।