তৃণমূল কংগ্ৰেছৰ নেতা ৰিপুণ বৰাই যতীন বৰাৰ দ্বাৰা নিৰ্মিত সদ্যমুক্তিপ্ৰাক্ত বিতৰ্কিত ছবি ‘ৰাঘৱ’ৰ প্ৰশংসা কৰা বুলি এটা সংবাদ গোষ্ঠীয়ে বাতৰি প্ৰকাশ কৰাৰ পিছতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰিপুণ বৰাই।
এই বাতৰি ভুৱা বুলি স্পষ্ট কৰি দিছে ৰিপুণ বৰাই। লগতে এনে এই বাতৰি প্ৰকাশ কৰা চেনেল তথা সাংবাদিকক প্ৰত্যাহ্বান জনাইছে ৰিপুণ বৰাই।
উল্লেখ্য যে, এটা জনপ্ৰিয় সংবাদ মাধ্যমে নিজৰ ফেজবুক পেজত এখন গ্ৰাফিক্স প্লেটৰ জৰিয়তে এই খবৰ প্ৰচাৰ কৰিছিল।
“যতীন বৰা ভাল অভিনেতা। ‘ৰাঘৱ’ ছবিখন ভাল হৈছে। – ৰিপুণ বৰা” এইদৰে গ্ৰাফিক্স প্লেটত লিখি বাতৰি প্ৰকাশ কৰিছিল সংবাদ মাধ্যমটোৱে।
এই বাতৰি প্ৰচাৰ হোৱাৰ পিছতেই এটা বিবৃতি যোগে এই মন্তব্য ৰিপুণ বৰাই কতো দিয়া নাই বুলি স্পষ্ট কৰি বাতৰিটো ভুৱা বুলি অভিযোগ কৰে। লগতে ৰিপুণ বৰাই এতিয়ালৈকে ‘ৰাঘৱ’ চোৱাই নাই বুলিও স্পষ্ট কৰি দিয়ে।
বিবৃতিটোত তৃণমূলৰ নেতাগৰাকীয়ে লিখিছে – “….. মই “যতীন বৰা ভাল অভিনেতা , ৰাঘৱ ছবিখন ভাল হৈছে ” বুলি কোৱা এখন গ্ৰাফিক্স বনাই প্ৰচাৰ কৰা মোৰ দৃষ্টিগোচৰ হৈছে ৷ প্ৰকৃততে চেনেলটোৱে এয়া সম্পূৰ্ণ মিছাকৈ প্ৰচাৰ কৰিছে ৷ মই এনেকুৱা মন্তব্য কতোৱে দিয়া নাই আনকি চেনেলটোকো কোৱা নাই। গতিকে এনেকৈ নোকোৱা কথা এটা প্ৰচাৰ কৰা কাৰ্যক মই আৰু অসম তৃণমূল কংগ্ৰেছ দলে ধিক্কাৰ দিছোঁ ৷ তদুপৰি মই চিনেমাখন যিহেতু চোৱাই নাই , তেনেক্ষেত্ৰত ৰাঘৱ ভাল হৈছে নে নাই মই কেনেকৈ জানিম ৷ আৰু যদি মই এনেকৈ কোৱা চেনেলটোৰ কোনোবা সাংবাদিকৰ হাতত আছে সেয়া প্ৰচাৰ কৰিবলৈও প্ৰত্যাহ্বান জনাইছোঁ ৷ লগতে এনেকুৱা সাংবাদিকতাৰ নীতিবিৰুদ্ধ কামৰ পৰা চেনেলটোক আতৰি থাকিবলৈ আহ্বান জনালোঁ ৷ ”
এতিয়া ৰিপুণ বৰাৰ এই বিবৃতিৰ পিছতেই উক্ত সংবাদ গোষ্ঠীৰ প্ৰতি সন্দেহৰ আঙুলি উঠিছে। ‘ৰাঘৱ’ক লৈ সামাজিক মাধ্যমত তুমুল বিতৰ্ক চলি থকাৰ মাজতে এইদৰে ভুৱা বাতৰি প্ৰচাৰ কৰাৰ কথাটোৱে ৰহস্যৰ সৃষ্টি কৰিছে।