NORTHEAST NOW (Assamese)

টোকলাই চাহ গৱেষণা প্ৰতিষ্ঠান ৰক্ষা কৰকঃ ডি ৱাই এফ আই

March 12, 2023 8:10 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: March 12, 2023 8:12 pm

যোৰহাটস্থিত টোকলাই চাহ গৱেষণা প্ৰতিষ্ঠান চৰকাৰৰ অৱহেলাৰ বাবে মৃত্যুমুখলৈ যাবলগীয়া হোৱাত ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই)ৰ অসম ৰাজ্যিক কমিটিয়ে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে আৰু এয়া ৰাজ্যখনৰ বাবে অশুভ বাৰ্তা বুলি অভিহিত কৰিছে। ৰাজ্যখনৰ লগতে দেশৰ অৰ্থনৈতিক উন্নয়নত গুৰুত্বপূৰ্ণ ভুমিকা লোৱা চাহ শিল্পৰ উন্নয়নৰ ক্ষেত্ৰত টোকোলাই চাহ গৱেষণা প্ৰতিষ্ঠানে গুৰুত্বপূৰ্ণ ভুমিকা লৈ আহিছে।

১৯১১ চনতে ব্ৰিটিছ চাহ খেতিয়কৰ পৃষ্ঠপোষকতাত তথা ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু বেংগল চৰকাৰৰ আৰ্থিক সাহায্যত ভাৰতীয় চাহ সংস্থাই স্থাপন কৰা টোকোলাই চাহ গৱেষণা প্ৰতিষ্ঠানে চাহৰ বিভিন্ন জাত, কাটিং, ক্ল’ন আদি উদ্ভাৱন কৰাৰ লগতে মাটিৰ গুণাগুণ নিৰূপণ, পোক-পতংগ নিবাৰণৰ কৌশল উদ্ভাৱন কৰি অনন্য অৱদান আগবঢ়াই আহিছে।

এসময়ত সোণালী যুগ চলা এই গৱেষণা প্ৰতিষ্ঠান এতিয়া চৰকাৰৰ পুঁ‌জি মোকলাই নিদিয়া আৰু নতুন নিযুক্তি নিদিয়াৰ ফলত গভীৰ সংকটত পৰি মৃত্যুমুখী যাত্ৰা আৰম্ভ হৈছে। প্ৰতিষ্ঠানটোৰ কৰ্মচাৰীৰ সংখ্যা ৫০০ ৰ পৰা ১৩৬ লৈ নামি আহিছে। সততে ৰাজ্যখনৰ উন্নয়নৰ কথা কৈ থকা বিজেপি চৰকাৰৰ দিনত এটা প্ৰতিষ্ঠিত গৱেষণা প্ৰতিষ্ঠানে মৃত্যুমুখলৈ যোৱাতো খুবেই চিন্তনীয় বিষয়। ডি ৱাই এফ আইয়ে চৰকাৰৰ ভুমিকাক কঠোৰ ভাষাৰে সমালোচনা কৰিছে আৰু প্ৰতিষ্ঠানটোক সৰ্বদিশত শক্তিশালী কৰি গঢ়ি তোলাৰ বাবে পদক্ষেপ ল’বলৈ দাবী জনাইছে।

Related News