অসম আৰক্ষীৰ তৎপৰতাত ঈদত হালালৰ পৰা বাছি যোৱা ৬টা উট এতিয়া ৰাজস্থানলৈ ঘূৰি যোৱাৰ অপেক্ষাত

ঈদৰ বাবে অসমলৈ অবৈধভাৱে অনা ৬টা উটক ধুলা বজাৰৰ পৰা উদ্ধাৰ কৰাৰ পিছত ৰাজস্থানলৈ ঘূৰাই পঠাবলৈ আদালতৰ নিৰ্দেশৰ বাবে অপেক্ষা কৰিছে অসম আৰক্ষী।

ৰাজস্থানৰ পৰা অনা এই মৰুপ্ৰাণীকেইটাক যোৱা ১১ আগষ্টত উদ্ধাৰ কৰা হৈছিল।

উটকেইটাৰ ৫টাক বৰ্তমান ধুলা আৰক্ষী থানাত ৰখাৰ বিপৰীতে এটাক মঙলদৈ আৰক্ষী থানাত ৰখা হৈছে।

ঈদত হালাল দিবৰ বাবে উটকেইটাক অনা হৈছিল বুলি আৰক্ষীৰ সূত্ৰই কয়, যিটোৱে আইনক ফাঁকি দি ৰাজস্থানৰ ৰাজ্যিক জন্তুটোৰ চোৰাং ব্যৱসায় চলি থকাটো প্ৰমাণ কৰে।

২০১৪ চনত উটক ৰাজস্থানৰ ৰাজ্যিক পশু ঘোষণা কৰা হৈছিল। ৰাজস্থান বিধানসভাই উটৰ হত্যা আৰু ৰপ্তানি নিষিদ্ধ কৰি Rajasthan Camel (Prohibition of Slaughter and Regulation of Temporary Migration or Export) Bill, 2015 গৃহীত কৰিছিল।

এই আইনখনে জন্তুটো অবৈধভাৱে আন ৰাজ্যলৈ নিয়াটোও নিষিদ্ধ কৰিছিল।

“উটকেইটাৰ বিষয়ে আমি বিশেষ নাজানো। আমি যোৱা ১১ আগষ্টতত সেইকেইটাক জব্দ কৰিছিলো আৰু তেতিয়াৰ পৰাই আমাৰ জিম্মাত আছে।”, ধুলা আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া অভিজিত কাকতীয়ে কয়।

তেওঁ উটকেইটাৰ চোৱাচিতা কৰাত অসুবিধা হোৱাৰ কথা জানিবলৈ দি কয়, “আমি আইন-কানুন চোৱাচিতা কৰা মানুহ। গতিকে এইকেইটাৰ যত্ন লৈ থকাটো অসুবিধা। সেয়ে আমি এতিয়া পশুচিকিৎসকৰ সৈতে কথা পাতিছো, যাতে সেইকেইটা সুস্বাস্থ্যৰে থাকে।”

আনহাতে যদিও আৰক্ষীয়ে উটকেইটা জব্দ কৰিলে, ইয়াৰ স্বত্বাধিকাৰীয়ে উটকেইটাক নিজৰ জিম্মাত বিচাৰি এতিয়া আদালতৰ কাষ চাপিছে।

আৰক্ষীয়েও উটকেইটা এনিমেল ৱেলফেয়াৰ ব’ৰ্ড অব ইণ্ডিয়াৰ জিম্মাত দিব লাগে বুলি মঙলদৈ আদালতত ১৯ আগষ্টত এখন আৱেদন দাখিল কৰিছে।

“আমি উটকেইটা গৰাকীক দিয়া নাই আৰু এতিয়া আদালতৰ নিৰ্দেশৰ অপেক্ষাত আছো”, আৰক্ষী বিষয়া কাকতীয়ে কয়।

এনিমেল ৱেলফেয়াৰ ব’ৰ্ড অব ইণ্ডিয়াৰ এজন সদস্য সুজিত চৌধুৰীয়েও ৰাজস্থানৰ উপৰোক্ত আইনখনৰ কথা উল্লেখ কৰি কয়, “যি কাৰণতেই নানক, ৰাজস্থানৰ পৰা অসমলৈ অবৈধভাৱে উটকেইটা অনাটো অপৰাধ হৈছে।”

তেওঁ দৰং আৰক্ষীৰ পৰা উটকেইটাৰ বিষয়ে খবৰ পোৱা বুলি জানিবলৈ দি কয় যে এতিয়া তেওঁলোকে উটকেইটা ৰাজস্থানলৈ ঘূৰাই পঠাবলৈ চেষ্টা কৰি আছে।