NORTHEAST NOW (Assamese)

আগন্তুক ২৫দিনত বন্ধ হৈ যাব SBIৰ ATM debit কাৰ্ড; শীঘ্ৰেই কৰি লওক এই কাম

December 6, 2019 9:23 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো

ষ্টেট বেংক অফ ইণ্ডিয়া (SBI)ত একাউন্ট আছে আৰু বেংকৰ এটিএম-ডেবিট কাৰ্ড(ATM or debit Card)  ব্যৱহাৰ কৰে, তেতিয়াহ’লে আপুনি সাৱধান হওক।

এছ বি আইয়ে টুইট কৰি কৈছে যে গ্ৰাহকসকলে পুৰণি মেগ্নেটিক এটিএম-ডেবিট কাৰ্ড সলনি কৰি লওক।

গ্ৰাহকসকলে এই কাম অহা ৩১ ডিচেম্বৰৰ ভিতৰত কৰিব লাগিব কিয়নো তেওঁলোকে নতুন বছৰত আৰু পুৰণি এটিএম-ডেবিট কাৰ্ডেৰে পইচা উলিয়াব নোৱাৰিব।

এতিয়া গ্ৰাহকসকলৰ হাতত নতুন এটিএম-ডেবিট কাৰ্ডৰ বাবে আবেদন কৰাৰ বাবে মাত্ৰ ২৫ দিনহে সময় আছে।

এছবিআইয়ে টুইট কৰি কৈছে যে যিসকল গ্ৰাহকৰ হাতত পুৰণি মেগ্নেটিক এটিএম-ডেবিট কাৰ্ড আছে তেওঁলোকে শীঘ্ৰে ইয়াক সলনি কৰিব লাগিব।

ইয়াৰ পৰিৱৰ্তে গ্ৰাহকে EMV চিপ থকা ডেবিট কাৰ্ড ল’ব লাগিব। ইয়াৰ বাবে অন্তিম তাৰিখ হৈছে অহা ৩১ ডিচেম্বৰ।

এছবিআইয়ে এটিএম-ডেবিট কাৰ্ডত যিকোনোধৰণৰ প্ৰৱঞ্চনাৰ পৰা ৰক্ষা কৰিবলৈ আৰু পূৰ্বতকৈ অধিক সুৰক্ষিত কৰি তুলিবলৈ নতুন ইএমভি চিপ থকা কাৰ্ড প্ৰদান কৰি আছে। এই নতুন চিপ থকা এটিএম-ডেবিট কাৰ্ড এতিয়া বিনামূলীয়াকৈ বনাব পাৰিব।

গ্ৰাহকসকলে এই কাৰ্ড ল’বলৈ নিজৰ হোম ব্ৰাঞ্চত গৈ আবেদন কৰিব লাগিব। অৰ্থাৎ যিটো ব্ৰাঞ্চত আপোনাৰ একাউন্ট আছে তাত গৈ নতুন এটিএম-ডেবিট কাৰ্ডৰ বাবে আবেদন কৰিব লাগিব।

অৱশ্যে, আপুনি যদি নেট বেংকিং ব্যৱহাৰ কৰে তেতিয়াহ’লে নতুন এটিএম-ডেবিট কাৰ্ডৰ বাবে অনলাইনতো আবেদন কৰিব পাৰিব।

Related News