ব্যয় সংকোচন! : ৩০ হাজাৰৰো অধিক কৰ্মচাৰীক স্বেচ্ছামূলক অৱসৰ দিব SBI-এ

SBI-4

দেশৰ বৃহত্তম বেংক ভাৰতীয় ষ্টেট বেংকে ব্যয় সংকোচনৰ বাবে ৩০ হাজাৰ কৰ্মচাৰীক স্বেচ্ছামূলক অৱসৰ গ্ৰহণৰ সুবিধা দিব। সংবাদ সংস্থা পিটিআই-এ প্ৰকাশ কৰিছে SF বাতৰি।

পিটিআই-ৰ খবৰ অনুসৰি SBI-এ ৩০ হাজাৰ ১৯০ গৰাকী কৰ্মচাৰীক স্বেচ্ছামূলক অৱসৰ গ্ৰহণৰ সুবিধা প্ৰদান কৰিব।

ইয়াৰ ফলত SBI-এ ২,১৭০.৮৫ কোটি টকাৰ খৰচ ৰাহি কৰিব পাৰিব বুলি জানিব পৰা গৈছে।

পিটিআই-এ আৰু জনাইছে যে কৰ্মচাৰীসকলক নিজৰ কাৰ্যদক্ষতাৰ ওপৰত ভিত্তি কৰি নহয় তেওঁলোকক সন্মানসহকাৰেহে চাকৰি এৰিবলৈ সুযোগ দিয়া হ’ব।

এই সংক্ৰান্তত বেংকটোৱে ‘ছেকেণ্ড ইংনিছ টেপ ভিআৰএছ-২০২০’ খচৰা প্ৰস্তাৱো আনিছে।

ইয়াৰ দ্বাৰা কৰ্মচাৰীসকলৰ বাবে কিছু চৰ্ত ৰখা হৈছে।

চৰ্তৰ মতে কাট-অফ দিনৰ পৰা স্থায়ী বিষয়া আৰু কৰ্মচাৰীয়ে ২৫ বছৰ চাকৰি জীৱন সম্পূৰ্ণ কৰিব লাগিব। অথবা তেওঁলোকৰ বয়স ৫৫ বছৰৰ অধিক হ’ব লাগিব।

১ ডিচেম্বৰৰ পৰা শেষ ফেব্ৰুৱাৰীৰ ভিতৰত তেওঁলোকে ভিআৰএছৰ বাবে আবেদন কৰিব লাগিব।

উল্লেখ্য যে, নিৰ্ধাৰিত স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰা বিষয়া আৰু কৰ্মচাৰীয়ে ৫০ শতাংশ বেতন লাভ কৰিব।

ভাৰতীয় ষ্টেট বেংকৰ মুঠ কৰ্মচাৰীৰ সংখ্যা হৈছে ২.৪৯ লাখ।