আপুনি SBIত পইচা জমা ৰাখিছে? তেন্তে, লাভ কৰক এই তিনিটা সুবিধা

WhatsApp Image 2020-07-16 at 4.57.39 PM

প্ৰতিনিধিত্বমূলক ফটো।

কৰ’না সংকটৰ সময়ত দেশৰ অধিকাংশ বেংকেই ফিক্স ডিপ’জিট অৰ্থাৎ এফ ডিৰ ওপৰত সুতৰ হাৰ হ্ৰাস কৰিছে।

ইয়াৰ ফলত যিসকলে ৰিটাৰ্ণ বা লাভৰ বাবে বেংকত পইচা জমা ৰাখে তেওঁলোক আটাইতকৈ বেছি লোকচান হৈছে।

অৱশ্যে, এছ বি আইকে ধৰি অধিকাংশ বেংকেই ফিক্স ডিপ’জিটৰ ওপৰত কিছুমান বিশেষ সুবিধাও আগবঢ়ায় যদিও বহুতেই এই বিষয়ে নাজানে।

এছ বি আইয়ে আগবঢ়োৱা এনে কিছু বিশেষ সুবিধাৰ বিষয়ে জানি থওক-

এছ বি আইৰ ফিক্স ডিপ’জিটৰ ওপৰত আপুনি আপোনাৰ প্ৰয়োজন মতে সুত ল’ব পাৰে। অৰ্থাৎ আপোনাক যদি প্ৰতি মাহে সুত লাগে তেতিয়া আপুনি ল’ব পাৰে। সেইদৰে, তিনিমাহৰ মূৰে মূৰেও আপুনি সুত গ্ৰহণৰ সুবিধা ল’ব পাৰে।

জ্যেষ্ঠ নাগৰিক বা ছিনিয়ৰ চিটিজেনক ১০,০০০তকৈ অধিক ধন জমা ৰাখিলে অতিৰিক্ত ০.২৫শতাংশ সুত দিয়া হয়।

তদুপৰি, এছ বি আইয়ে ইয়াৰ মাজতে ছিনিয়ৰ চিটিজেনৰ বাবে বিশেষ ডিপ’জিট স্কীমো আৰম্ভ কৰিছে।

এই স্কীমত সুত সাধাৰণ জমাকাৰীতকৈ অধিক লাভ কৰে। এই স্কীমৰ সৈতে জড়িত হোৱাৰ সময়সীমা হৈছে অহা ৩০ছেপ্টেম্বৰ।

আনহাতে, কম সুতৰ হাৰত মূল জমা ধনৰ ৯০শতাংশ পৰ্যন্ত ঋণ বা অভাৰড্ৰাফটৰ সুবিধাও গ্ৰহণ কৰিব পাৰে।

আপুনি যদি ফিক্স ডিপ’জিটৰ ওপৰত ঋণ ল’ব খোজে তেতিয়াহ’লে এছ বি আইৰ onlinesbi.comৱেবছাইটত গৈ য়ুজাৰ আই ডি আৰু পাছৱৰ্ডেৰে ইয়াত লগ ইন কৰিব লাগিব।

তদুপৰি, গ্ৰাহকে এই সুবিধা লাভ কৰিবলৈ বেংকৰ শাখাৰ সৈতেও যোগাযোগ কৰিব পাৰে।

এছ বি আইৰ ৱেবছাইট অনুসৰি, ৩বছৰৰ পৰা ৫বছৰলৈ ফিক্স ডিপ’জিটৰ ওপৰত ৫.৩০শতাংশ সুত আৰু ৫ পৰা ১০বছৰলৈ ৫.৪০ শতাংশ সুত আগবঢ়াই অহা হৈছে।