জ্যেষ্ঠ নাগৰিকৰ বাবে সুখবৰ : তেওঁলোকৰ বাবে SBI-এ কৰিছে ডাঙৰ ঘোষণা; কি বৃহৎ এই ঘোষণা ?

SBI

ভাৰতীয় ষ্টেট বেংক

দেশৰ জ্যেষ্ঠ নাগৰিকৰ বাবে সুখবৰ কঢ়িয়াই দেশৰ বৃহত্তম ৰাষ্ট্ৰায়ত্ত বিত্তীয় প্ৰতিষ্ঠান ভাৰতীয় ষ্টেট বেংকে কৰিছে পুনৰ এক বৃহৎ ঘোষণা।

দেশত ক’ৰ’ণা অব্যাহত থকাৰ সময়তে দেশৰ জ্যেষ্ঠ নাগৰিকৰ বাবে দ্বিতীয়টো বৃহৎ ঘোষণা কৰি SBI-এ কৈছে যে তেওঁলোকৰ ফিক্স ডিপ’জিট স্কীমৰ ম্যাদ আৰু এবছৰলৈ বৃদ্ধি কৰা হৈছে।

প্ৰতিষ্ঠানটোৰ মতে চলিত বৰ্ষৰ ৩১ ডিচেম্বৰৰ পৰা আগন্তুক অৰ্থাৎ ২০২১ বৰ্ষৰ ৩১  ডিচেম্বৰলৈ এই ম্যাদ বৃদ্ধি কৰা হৈছে।

উল্লেখ্য যে প্ৰথমে বিত্তীয় প্ৰতিষ্ঠানটোৱে চলিত বৰ্ষৰ মে’ মাহত অৰ্থাৎ লকডাউনৰ সময়তে দেশষৰ জ্যেষ্ঠ নগাৰিকৰ বাবে এই বিশেষ সুবিধা অৰ্থাৎ ‘উইকেয়াৰ চিনিয়ৰ চিটিজেন টাৰ্ম স্কীম(‘WECARE’ Senior Citizens’ Team Deposit Scheme) ঘোষণা কৰিছিল।

ক’ৰ’ণা মহামাৰীৰ ফলত সুদৰ হাৰ হ্ৰাস হোৱাৰ ফলত জ্যেষ্ঠ নাগৰিকৰ স্থায়ী আমানত ধন ৰাশিৰ বিনিময়ত অধিক সুদ প্ৰদানৰ বাবে এই স্কীমটো আৰম্ভ কৰিছিল ভাৰতীয় ষ্টেট বেংকে।

এছবিআই-এ ৫ বছৰ বা ততোধিক সময়ৰ বাবে ফিক্স ডিপ’জিটৰ অতিৰিক্ত ৩০ বেচিচ পইণ্টছ প্ৰিমিয়ামত সুদ প্ৰদান কৰি আহিছে।

এই স্কীমৰ অধীনত প্ৰবীণ নাগৰিকে ৫ বছৰৰ কম ৰিটেল টাৰ্ম ডিপ’জিট ০.৫০ শতাংশৰো অধিক আৰু ততোধিক বছৰত সেই সুদ ০.৮০ শতাংশ পৰ্যন্ত লাভ কৰিব।

এই স্কীম কেৱল ষাঠি উৰ্দ্ধৰ নাগৰিকৰ বাবেহে উপলব্ধ।