NORTHEAST NOW (Assamese)

উচ্চতম ন্যায়ালয়ৰ ধমকিত ৪ মাহ সময় বিচৰা SBI এ এদিনতে প্ৰদান কৰিলে নিৰ্বাচনী বণ্ডৰ তথ্য 

March 12, 2024 8:54 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী

অৱশেষত মঙলবাৰে সন্ধিয়া ভাৰতীয় ষ্টেট বেংকে নিৰ্বাচন আয়োগক নিৰ্বাচনী বণ্ডৰ তথ্য দাখিল কৰে ।

পূৰ্বে ন্যায়ালয়ে বান্ধি দিয়া সময়সীমাৰ ভিতৰত নিৰ্বাচনী বণ্ডৰ তথ্য দাখিল কৰিবলৈ অসুবিধাৰ কাৰণ দৰ্শাইছিল ভাৰতীয় ষ্টেট বেংকে। কিন্তু ইয়াৰ পিছতে পুনৰ ১২ মাৰ্চৰ ভিতৰত তথ্য দাখিল কৰিবলৈ সতৰ্কবাণী জাৰি কৰিছিল সৰ্বোচ্চ ন্যায়ালয়ে। লগতে বেংকক অৱজ্ঞাৰ কাৰ্য্যবিধিৰ বিষয়ে সকীয়াই দিছিল উচ্চতম ন্যায়ালয়ে।

উল্লেখ্য যে আজি ভাৰতীয় ষ্টেট বেংকৰ পৰা এই তথ্য লাভ কৰাটো নিশ্চিত কৰিছে নিৰ্বাচন আয়োগে।

আদালতৰ নিৰ্দেশ অনুসৰি শুকুৰবাৰে বিয়লি ৫ বজাৰ ভিতৰত তথ্যসমূহ সংগ্ৰহ কৰি মুকলি কৰিব নিৰ্বাচন আয়োগে।

চলিত সপ্তাহৰ আৰম্ভণিতে উচ্চতম ন্যায়ালয়ে নিৰ্বাচনী বণ্ডৰ তথ্য প্ৰকাশৰ ক্ষেত্ৰত সময়সীমা বৃদ্ধিৰ বাবে কৰা এছ বি আইৰ আবেদন নাকচ কৰিছিল।

উচ্চতম ন্যায়ালয়ে বেংকটোক পলম কৰাৰ বাবে সমালোচনা কৰি ইয়াক আদালতৰ আদেশৰ সম্ভাৱ্য উলংঘা বুলি অভিহিত কৰে। এছবিআইয়ে দাবী কৰে যে গোপনীয়তা বজাই ৰাখিবলৈ পৃথক পৃথক খণ্ডত সংৰক্ষণ কৰা তথ্য সংগ্ৰহ, ক্ৰছ-চেকিং আৰু মুকলি কৰিবলৈ অধিক সময়ৰ প্ৰয়োজন হয়। 

উচ্চতম ন্যায়ালয়ে ইয়াৰ প্ৰতিহত কৰি আঙুলিয়াই দিয়ে যে এছ বি আইৰ মুম্বাই শাখাত ইতিমধ্যে সবিশেষ তথ্য উপলব্ধ।

Related News