NORTHEAST NOW (Assamese)

ষ্টেট বেংকৰ টুইট : ৩০ নৱেম্বৰৰ ভিতৰত জমা কৰিব লাগিব এই বিশেষ প্ৰমাণপত্ৰ; অন্যথা উলিয়াব নোৱাৰিব ধন

November 2, 2019 4:45 pm · এন ই নাও নিউজ
Updated: November 2, 2019 4:52 pm

ভাৰতীয় ষ্টেট বেংকে টুইটৰ জৰিয়তে এক জৰুৰী ঘোষণা কৰিছে। ভাৰতীয়ে ষ্টেট বেংকে কৰা টুইট অনুসৰি অহা ৩০ নৱেম্বৰৰ ভিতৰত সকলোৱে Life Certificate অৰ্থাৎ জীয়াই থকাৰ প্ৰমাণপত্ৰ ষ্টেট বেংকত জমা দিব লাগিব। অন্যথা একাউণ্টৰ পৰা ধন উলিয়াব নোৱাৰিব।

অৱশ্যে এই নিয়ম কেৱল পেঞ্চনাৰ সকলৰ বাবেহে। অৰ্থাৎ চাকিৰৰ পৰা অৱসৰৰ পিছত যিসকল লোকে পেঞ্চন লাভ কৰে তেওঁলোকেহে নিজৰ নিজৰ ষ্টেট বেংকৰ শাখাত অহা ৩০ নৱেম্বৰৰ ভিতৰত  Life Certificate জমা দিব লাগিব।

জাৰি কৰা জাননী অনুসৰি অহা ৩০ নৱেম্বৰৰ ভিতৰত যদি পেঞ্চনাৰ সকলে নিজৰ Life Certificate বেংকত জমা নিদিয়ে তেতিয়া পেঞ্চনৰ টকা উলিয়াব নোৱাৰিব।

আনহাতে ভাৰতীয় ষ্টেট বেংকে এক টুইটৰ জৰিয়তে জনোৱা অনুসৰি ভাৰতীয় ষ্টেট বেংকৰ যিকোনো শাখাতে পেঞ্চনাৰ সকলে Life Certificate জমা কৰিব পাৰিব। ইয়াৰ উপৰিও ডিজিটেল মাধ্যমৰ জৰিয়তে ঘৰৰ পৰাও পেঞ্চনাৰ সকলে নিজৰ Life Certificate জমা কৰিব পাৰিব। তাৰোপৰি আধাৰ চেণ্টাৰৰ পৰাও Life Certificate জমা কৰিব পাৰিব।

Related News