অসমত থকা অবৈধ বিদেশীৰ হিচাপ দিবলৈ কেন্দ্ৰক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

Supreme-Court-of-India

অহা ৩ সপ্তাহৰ ভিতৰত অসমত থকা সকলো ডিটেনশ্যন কেম্পৰ বিস্তৃত তথ্য দিবলৈ কেন্দ্ৰ চৰকাৰক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ। আজি অৰ্থাৎ সোমবাৰে মুখ্য ন্যায়াধিশ ৰঞ্জন গগৈ আৰু ন্যায়াধিশ সঞ্জীৱ খান্নাৰ এখন বিচাৰপীঠে উক্ত নিৰ্দেশ প্ৰদান কৰিছে।

উল্লেখযোগ্য যে ৰাজ্যখনৰ ডিটেনশ্যন কেম্প তথা এই কেম্পসমূহত থকা লোকসকল কি অৱস্থাত আছে সেইসম্পৰ্কে হৰ্স মজুমদাৰ নামৰ এগাৰকী সমাজকৰ্মীয়ে দাখিল কৰা এখন আবেদনপত্ৰৰ শুনানি গ্ৰহণ কৰি ৰঞ্জন গগৈ আৰু সঞ্জীৱ খান্নাৰ বিচাৰপীঠে উক্ত নিৰ্দেশ দিয়ে।

টাইমছ অব ইণ্ডিয়াত প্ৰকাশিত এক বাতৰি মতে উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰৰ পৰা অসমত থকা ডিটেনশ্যন কেম্পৰ সঠিক সংখ্যাৰ লগতে ইয়াৰে প্ৰতিটো কেন্দ্ৰত কিমান সংখ্যক বিদেশী আছে তাৰ হিচাপ বিচৰাৰ উপৰিও আটকাধীন লোকসকল আৱদ্ধ হৈ থকা সময় তথা তেওঁলোকৰ ওপৰত চলি থকা গোচৰৰ বৰ্তমান স্থিতি সম্পৰ্কে তথ্য বিচাৰে।

যোৱা ১০ বছৰত কিমান সংখ্যক বিদেশীয়ে ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰিছে তথা অসমত এতিয়ালৈকে কিমান সংখ্যক লোকক বিদেশী হিচাবে চিনাক্ত কৰা হৈছে আৰু ইয়াৰে কিমান সংখ্যকক বিতাৰন কৰা হৈছে সেই সম্পৰ্কেও তথ্য দিবলৈ ন্যায়ালয়ে কেন্দীয় চৰকাৰক নিৰ্দেশ দিছে।

এই সম্পৰ্কে পৰৱৰ্তী শুনানি অহা ১৯ ফেব্ৰুৱাৰিত গ্ৰহণ কৰা হ’ব।