অন্তৰ্ভুক্তি নোহোৱা লোকৰ জিলা-ভিত্তিক তথ্য দিবলৈ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সমন্বয়কক নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ

Supreme-Court-of-India-678x381

ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ে আজি এটা নিৰ্দেশযোগে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সমন্বয়ক প্ৰতীক হাজেলাক ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ খচৰাত অন্তৰ্ভুক্ত নোহোৱা লোকৰ জিলা-ভিত্তিক তথ্যৰ শতকাৰা হাৰ সৰ্বোচ্চ ন্যায়ালয়ত জমা দিবলৈ নিৰ্দেশ দিছে। ন্যায়াধীশ ৰঞ্জন গগৈ, ন্যায়াধীশ নৱীন সিনহা আৰু ন্যায়াধীশ  কেএম জোছেফেৰে গঠিত এখন বিচাৰপীঠে সদৌ অসম ছাত্ৰ সন্থা, সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা, জামাত-ই-ইছলামী হিন্দ আৰু ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী বিষয়ত কেন্দ্ৰৰ মানক পৰিচালনা প্ৰক্ৰিয়াৰ (SOPs) ওপৰত অসম ৰাজহুৱা কৰ্মৰাজী (Assam Public Works) আদি ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সম্পৰ্কত জড়িত সংগঠনসমূহৰ পৰা প্ৰতিক্ৰিয়া জানিব বিচাৰে উচ্চতম ন্যায়ালয়ে।

১৪ আগষ্টত মানক পৰিচালনা প্ৰক্ৰিয়া দাখিল কৰাৰ সময়ত কেন্দ্ৰই সৰ্বোচ্চ ন্যায়ালয়ক জনাইছিল যে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত অন্তৰ্ভুক্ত নোহোৱা লোকসকলৰ দাবী আৰু অভিযোগ সম্পৰ্কত বিতং বায়মেট্ৰিক তথ্য সংগ্ৰহ কৰি সেই লোকসকলৰ জিলাভিত্তিক চিনাক্তকৰণ কৰা হ’ব।

এই ক্ষেত্ৰত বৃহস্পতিবাৰে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সমন্বয়ক প্ৰতীক হাজেলাক এনআৰচিৰ মানক পৰিচালনা প্ৰক্ৰিয়া গঠন কৰাৰ সময়ত কোনো ৰাজনৈতিক দলৰ মন্তব্য গ্ৰহণ কৰাৰ পৰা বিৰত থাকিবলৈ নিৰ্দেশ দিছে সৰ্বোচ্চ ন্যায়ালয়ে।

ৰাইজে সহজে লাভ কৰিব পৰাকৈ সকলো পঞ্চায়ততে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ খচৰা উপলব্ধ কৰাবলৈ হাজেলাক নিৰ্দেশ দিছে।

সৰ্বোচ্চ ন্যায়ালয়ে আৰু জনাইছে যে অসমৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ ওপৰত থকা সকলো ওজৰ আপত্তি আৰু দাবীৰ প্ৰপত্ৰসমূহ অহা ২০ আগষ্টৰ পৰা ৰাইজৰ বাবে উপলব্ধ কৰা হ’ব।
সৰ্বোচ্চ ন্যায়ালয়ে আৰু জনাইছে যে অহা ৩০ আগষ্টত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ ওপৰত থকা সকলো ওজৰ আপত্তি আৰু দাবীৰ প্ৰপত্ৰসমূহ গ্ৰহণৰ ঘোষণা কৰা হ’ব।

সৰ্বোচ্চ ন্যায়ালয়ে এই বিষয়টো  আগষ্টৰ ২৮ তাৰিখে পুনৰ শুনানিৰ বাবে গ্ৰহণ কৰিব।

সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ প্ৰশংসা কৰি অসম ৰাজহুৱা কৰ্মৰাজীৰ সভাপতি অভিজিৎ শৰ্মাই কৈছে যে মডেলিটীৰ ওপৰত থকা অভিযোগসমূহ চৰকাৰৰ ওচৰত দাখিল কৰা হ’ব।