খাৰিজ এন আৰ এলৰ আবেদন, এলিফেণ্ট কৰিড’ৰৰ দেৱাল ভঙাৰ নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীৰ সুৰক্ষাৰ চিন্তা কৰি আজি দেশৰ উচ্চতম ন্যায়ালয়ে নুমলীগড় শোধনাগাৰে জনোৱা আবেদন খাৰিজ কৰে।

উল্লেখযোগ্য যে এলিফেণ্ট কৰিড’ৰ তথা দেওপাহাৰৰ অঞ্চলত অবৈধভাৱে নমুলীগড় শোধনাগাৰে ২.২ কিলোমিটাৰ দৈৰ্ঘ্যৰ এখন পকী দেৱাল নিৰ্মাণ কৰিছিল আৰু সেই দেৱাল ভঙাৰ নিৰ্দেশ সন্দৰ্ভত শোধনাগাৰ কৰ্তৃপক্ষই উচ্চতম ন্যায়ালয়ত আবেদন জনাইছিল। কিন্তু আজি দেশৰ উচ্চতম ন্যায়ালয়ে নুমলীগড় শোধনাগাৰ আবেদন খাৰিজ কৰে।

উচ্চতম ন্যায়ালয়ে আজি দিয়া ৰায়ত এই কথাও ঘোষণা কৰে যে বন্যহস্তী চলাচলৰ পথ তথা এলেকা দখল কৰি নুমলীগড় শোধনাগাৰ চৌহদত নিৰ্মাণ কৰা ২.২ কিলোমিটাৰ দৈৰ্ঘ্যৰ দেৱাল অতি শীঘ্ৰেই ভাঙিব লাগবি আৰু এই অঞ্চলত বন্যহস্তীৰ চলাচলত বাধা সৃষ্টি হোৱাকৈ কোনো ধৰণৰ চহৰ নিৰ্মাণৰ পৰিকল্পনা কৰিব নোৱাৰিব।

লগতে উচ্চতম ন্যায়ালয়ে বনাঞ্চলত প্ৰথম অধিকাৰ হাতীৰ, হাতীয়ে কোনো নিৰ্দিষ্ট পথেৰে অহা–যোৱা নকৰে বুলি উল্লেখ কৰি শোধনাগাৰ কৰ্তৃপক্ষই নগৰ এলেকা বৃদ্ধি কৰিব নোৱাৰিব বুলি মত দিয়ে।

আজিৰ ৰায়ত উচ্চতম ন্যয়ালয়ে বনাঞ্চলত বন্যহস্তীৰ প্ৰধান অধিকাৰ। বন্যহস্তীৰ লগতে কাজিৰঙাৰ সুৰক্ষা আমাৰ প্ৰথম আৰু প্ৰাথমিক দায়িত্ব বুলি অভিমত দিয়ে।