উচ্চতম ন্যায়ালয়ে বিচাৰিলে অসমৰ ভোটাৰ তালিকাৰ তিনি বছৰৰ বিতং তথ্য

supreme-court_of_India

ভাৰতৰ উচ্চতম ন্যায়ালয়। ফাইল ফটো

উচ্চতম ন্যায়ালয়ে মঙলবাৰে নিৰ্বাচন আয়োগক ২০১৭, ২০১৮ আৰু ২০১৯ৰ জানুৱাৰিত সংশোধনীত অসমৰ ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত হোৱা আৰু বাদ পৰা সকলো বিতং তথ্য দাখিলৰ নিৰ্দেশ দিছে। ভোটাৰ তালিকা প্ৰতিবছৰে জানুৱাৰিত পুনৰীক্ষণ কৰা হয়।

ভোটাৰ তালিকাৰ তিনিবছৰৰ অন্তৰ্ভুক্ত আৰু কৰ্তনৰ তথ্য বিচাৰি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ, ন্যায়াধীশ দীপক গুপ্তা আৰু ন্যায়াধীশ সঞ্জীৱ খান্নাকলৈ গঠিত বিচাৰপীঠখনে লগতে ২০১৯ৰ ৩১ জুলাইত প্ৰকাশ পাবলগীয়া চূড়ান্ত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত নাম বাদ পৰা অথচ ভোটাৰ তালিকাত যিসকলৰ নাম আছে সেই সন্দৰ্ভত আয়োগে কি পদক্ষেপ গ্ৰহণ কৰিব সেয়াও জনাবলৈ নিৰ্দেশ দিছে।

আদালতত সোঁশৰীৰে হাজিৰ হোৱা নিৰ্বাচন আয়োগৰ সচিব গৰাকীয়ে কয় যে ভোটাৰ তালিকাৰ উন্নীতকৰণ এটা নিৰৱিচ্ছিন্ন প্ৰক্ৰিয়া।

জাননী জাৰি কৰাৰ পাছতো আয়োগৰ হৈ কোনোৱে হাজিৰ নোহোৱাৰ পাছত সৰ্বোচ্চ আদালতখনে যোৱা ৩ মাৰ্চত নিৰ্বাচন আয়োগৰ সচিবক সোঁশৰীৰে হাজিৰ হোৱাৰ নিৰ্দেশ নিৰ্দেশ দিছিল।

আদালতখনে গোপাল শেঠ আৰু আনসকলৰ আবেদনৰ শুনানি গ্ৰহণ কৰিছিল। তেওঁলোকে জানিবলৈ দিছিল যে যোৱা ২০১৮ৰ ৩০ জুনত প্ৰকাশ পোৱা এনআৰচিৰ চূড়ান্ত খচৰাত নাম অন্তৰ্ভুক্ত নোহোৱাৰ বাবেই তেওঁলোকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হৈছিল।

উক্ত দাবীক নস্যাৎ কৰি নিৰ্বাচন আয়োগৰ হৈ অৱতীৰ্ণ হোৱা জ্যেষ্ঠ অধিবক্তা বিকাশ সিঙে কয় যে আবেদনকাৰীৰ নাম ভোটাৰ তালিকাত আছিল আৰু এনআৰচিত নতকাৰ বাবেই কাৰো নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হোৱা নাই।

আনহাতে, আবেদনকাৰী শেঠৰ হৈ অৱতীৰ্ণ হোৱা অধিবক্তা পীয়ুষ কে ৰয়ে কয় যে আয়োগে অসমৰ বাস্তৱ পৰিস্থিতি সম্পৰ্কে সজাগ নাছিল।