আৰক্ষীৰ গালত চৰ! ‘চ’ছিয়েল মিডিয়াৰ প’ষ্টৰ বাবে হাৰাশাস্তি কৰিব নোৱাৰিব নাগৰিকক; সৰ্বোচ্চ ন্যায়ালয়

Supreme-Court-of-India.-Photo-credit-Mint-1140x570-1024x512

বিভিন্ন ৰাজ্যত চ’ছিয়েল মিডিয়াত ৰাজনৈতিক বক্ৰোক্তিমূলক তথা চৰকাৰ বিৰোধী প’ষ্ট দিয়াৰ বাবে নাগৰিকক আৰক্ষীয়ে চমন প্ৰেৰণ কৰাৰ লগতে হাৰাশাস্তি কৰাৰ ঘটনাৰ বৃদ্ধি পোৱালৈ লক্ষ্য ৰাখি উচ্চতম ন্যায়ালয়ে বুধবাৰে ৰাজ্য চৰকাৰসমূহলৈ এক কঠোৰ বাৰ্তা প্ৰেৰণ কৰিছে।

দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে কৈছে যে সামাজিক মাধ্যমত প্ৰকাশ কৰা চৰকাৰ বিৰোধী আৰু বক্ৰোক্তিমূলক ৰাজনৈতিক প’ষ্টৰ বাবে কোনো নাগৰিকক আৰক্ষীয়ে হাৰাশাস্তি কৰিব নোৱাৰিব।

“চৰকাৰক সমালোচনা কৰি সামাজিক মাধ্যমত প্ৰকাশ কৰা প’ষ্টৰ বাবে দেশৰ এটা কোণৰ পৰা আন এটা কোণলৈ নাগৰিকক আমি টনা আজুৰা কৰি হাৰাশাস্তি কৰিব নোৱাৰো।” সৰ্বোচ্চ ন্যায়ালয়ে লগতে এইবুলিও কয়।

উল্লেখ্য যে দিল্লী নিৱাসী এগৰাকী মহিলাই লকডাউনৰ সময়ত কলকতাৰ ৰাজা বজাৰ এলেকাত প্ৰশাসনে সঠিকভাৱে লকডাউনৰ নিয়ম মানি চলা নাই বুলি সামাজিক মাধ্যম ফেইচবুকত পশ্চিমবংগ চৰকাৰক সমালোচনা কৰি এটা প’ষ্ট দিছিল।

ইয়াৰ পিছতে কলকতা আৰক্ষীয়ে কঠোৰ সকীয়নি দি এখন চমন প্ৰেৰণ কৰিছিল মহিলাগৰাকীলৈ।

আনকি কলকতা আৰক্ষীয়ে মহিলা গৰাকীৰ বিৰুদ্ধে এটা বিশেষ সম্প্ৰদায়ৰ বিৰুদ্ধে ঘৃণাৰ ভাৱ পুহি ৰখা বুলি অভিযোগত কৰি এক গোচৰো পঞ্জীয়ন কৰিছিল।

এই চমন লাভ কৰাৰ পিছতে ৰশ্নি বিশ্বাস নামৰ ২৯ বছৰীয়া মহিলা গৰাকীয়ে ইয়াৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হয়।

এই গোচৰৰ শুনানি গ্ৰহণ কৰি বুধবাৰে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে কয় যে সংবিধানৰ অনুচ্ছেদ ১৯(১)(ক)এ দেশৰ সকলো নাগৰিককে মত প্ৰকাশ কৰাৰ অধিকাৰ প্ৰদান কৰিছে।

ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড আৰু ইন্দ্ৰ বেনাৰ্জীৰ খণ্ড বিচাৰপীঠে এই সংক্ৰান্তত চৰকাৰক উদ্দেশ্যি স্পষ্টভাৱে কয়, “সীমা অতিক্ৰম নকৰিব। ভাৰতক বাক-স্বাধীন ৰাষ্ট্ৰ হৈ থাকিবলৈ দিয়ক। আমি উচ্চতম ন্যায়ালয়ে বাক-স্বাধীনতাক সুৰক্ষা দিম। সংবিধানে উচ্চতম ন্যায়ালয়ক সৃষ্টি কৰাৰ উদ্দেশ্যেই হৈছে সাধাৰণ নাগৰিকৰ ওপৰত ৰাষ্ট্ৰই চলোৱা উৎপীড়ন বন্ধ কৰাটো নিশ্চিত কৰা।”

ইফালে কলকতা উচ্চ ন্যায়ালয়ে আৰক্ষীক ৰশ্নি বিশ্বাসক ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে সোধা পোচ কৰিব পাৰিব অথবা মেইলৰ যোগে অভিযুক্তলৈ প্ৰশ্নসমূহ প্ৰেৰণ কৰিব পাৰিব বুলি পৰামৰ্শ দিছিল।

ইয়াৰ বিৰুদ্ধেও মহিলাগৰাকী সৰ্বোচ্চ ন্যায়ালয়ৰ দাৰস্থ হয়। ইফালে মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰিবলৈ নহয়, তেওঁ দিয়া প’ষ্টৰ সংক্ৰান্তত প্ৰশ্ন কৰিবলৈহে চমন প্ৰেৰণ কৰা হৈছিল বুলি পশ্চিমবংগ চৰকাৰ আইনী পৰামৰ্শদাতা আৰ বসন্তই আদালতক অৱগত কৰে।

কিন্তু এই মন্তব্যৰ প্ৰত্যুত্তৰত সৰ্বোচ্চ ন্যায়ালয়ে স্পষ্টভাৱে কয়, “নাগৰিকৰ বাক স্বাধীনতাৰ অধিকাৰ আছে। আৰু কোনোৱে মহামাৰীৰে মোকাবিলা কৰিব নোৱাৰা বুলি চৰকাৰক সমালোচনা কৰাৰ বাবে তেওঁৰ বিৰুদ্ধে কোনো আইনী ব্যৱস্থা ল’ব নোৱাৰিব।”