• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চৰকাৰী পঞ্জীয়নভুক্ত নিৰ্মাণ শ্ৰমিকৰ চিকিৎসা সেৱা আঁচনিৰ নামত কোটি টকাৰ কেলেংকাৰী

উচিত তদন্তৰ দাবীত বঙাইগাঁও জিলা কৃষিক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত শ্ৰমিকৰ প্ৰতিবাদ

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও by প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
July 29, 2022 2:41 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চৰকাৰী পঞ্জীয়নভুক্ত নিৰ্মাণ শ্ৰমিকৰ চিকিৎসা সেৱা আঁচনিৰ নামত সংঘটিত কোটি কোটি টকাৰ কেলেংকাৰীৰ উচিত তদন্তৰ দাবীত বঙাইগাঁও জিলা কৃষিক মুক্তি সংগ্ৰাম সমিতিয়ে জিলা শ্ৰম বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত এক গণধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷ উল্লেখ্য যে বঙাইগাঁও জিলাত শ্রমিক কল্যাণ বিভাগৰ অধীনত ২০২০-২১বিত্তীয় বৰ্ষত ২৩২৮ গৰাকী নিৰ্মাণ শ্রমিকৰ স্বাস্থ্য পৰীক্ষা সাহায্যৰ নামত চৰকাৰে কেইবা কোটি টকা আৱণ্টন দিছিল যদিও অধিকাংশ শ্ৰমিকে এই ধন লাভৰ পৰা বঞ্চিত হৈ আছে আৰু এই ধনকলৈ ব্যাপক কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৷

সংগঠনটোৱে নিজাববীয়াকৈ চলোৱা অনুসন্ধান আৰু তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে লাভ কৰা তথ্যত আধাৰত জিলাখনত নিৰ্মাণ শ্ৰমিকৰ স্বাস্থ্য পৰীক্ষা সাহায্যৰ নামত অহা ধনৰ কেলেংকাৰী সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহে ৷ ইয়াৰ পিচতে সংগঠনটোৱে শ্ৰমিকৰ সহযোগত বৃহস্পতিবাৰে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে৷ প্ৰতিবাদী কাৰ্যসূচীৰ অংশ হিচাপে বঙাইগাঁও চহৰৰ বৰপাৰা চিলাৰায় ইণ্ডোৰ ষ্টেডিয়ামৰ সন্মুখৰ পৰা প্ৰতিবাদকাৰীসকলে সমদল কৰি গৈ জিলা শ্ৰম বিষয়া কাৰ্যালয়ৰ সন্মুখত উপস্থিত হৈ ধৰ্ণা দি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷

সমদলকাৰীসকলে চৰকাৰী পঞ্জীয়নভুক্ত শ্ৰমিকৰ নামত অহা ধন লুণ্ঠন কৰা নচলিব, শ্ৰমিকৰ ধন ঘুৰাই দিব লাগিবই, শ্ৰম মন্ত্ৰী হায় হায়, শ্ৰম বিভাগত সংঘটিত হোৱা কোটি কোটি টকীয়া কেলেংকাৰীৰ তদন্ত ঘোষণা কৰিব লাগিবই আদি বিভিন্ন শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে ৷ পিচত প্ৰতিবাদস্থলীত কাৰ্যবাহী দণ্ডাধীশ উপস্থিত হয় আৰু বিষয়টো সন্দৰ্ভত শ্ৰম বিভাগৰ বিষয়াৰ সৈতে আলোচনা কৰি অহা ১৮ আগষ্টলৈ সময় বিচাৰে ৷

১৮ আগষ্টত জিলা উপায়ুক্তৰ উপস্থিতিত শ্ৰম বিষয়া তথা বিভাগীয় লোকে প্ৰতিবাদকাৰী সকলক আৱণ্টিত ধন কিয় শ্ৰমিকসকলে পোৱা নাই, ক’ত কি হৈ আছে আদি সকলো কথাৰ উত্তৰ দিব বুলি কাৰ্যবাহী দ‌ণ্ডাধীশে আশ্বাস প্ৰদান কৰাত ধৰ্ণা কাৰ্যাসূচীৰ সামৰণি মাৰে ৷ কাৰ্যসূচীৰ অন্তত জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তৰফৰ পৰা জিলা উপায়ুক্তৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ বুলি এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰে ৷

ৰাজ্যৰ অসংগঠিত খণ্ডৰ চৰকাৰী পঞ্জীয়নকৃত শ্ৰমিকসকলৰ চিকিৎসা সাহায্য কেলেংকাৰীৰ উচিত তদন্তৰ ব্যৱস্থা কৰাৰ লগতে ঠিকাভিত্তিক শ্ৰমিকৰ কৰ্ম আৰু জীৱনৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবীত প্ৰদান কৰা স্মাৰক পত্ৰখন জিলা উপায়ুক্তৰ হৈ কাৰ্যবাহী দণ্ডাধীশগৰাকীয়ে গ্ৰহণ কৰে ৷ স্মাৰক পত্ৰত সংগঠনটোৱে সকলো শ্ৰেণীৰ শ্ৰমিকৰ ন্যূনতম মজুৰি, কৰ্মদিন, পেঞ্চন, স্বাস্থ্য আৰু জীৱনৰ নিৰাপত্তা সুনিশ্চিত কৰা, ঠিকাভিত্তিক শ্রমিকৰ স্থায়ী সংস্থাপন, ভবিষ্যত নিধি আৰু পৰিয়ালৰ কল্যাণ বাবে উপলব্ধ সকলো আঁচনি কার্যকৰী কৰাৰ ব্যৱস্থা কৰা, অসমত অসংগঠিত খণ্ডৰ নিৰ্মাণ শ্রমিকৰ চিকিৎসা সাহায্য আৰু বিশেষ ভাট্টা প্ৰদানৰ ক্ষেত্ৰত হোৱা দুর্নীতি-অনিয়ম উচিত তদন্তৰ ব্যৱস্থা কৰা, বঙাইগাঁও জিলাৰ ২৩২৮ গৰাকী শ্ৰমিকৰ নামত আৱণ্টিত চিকিৎসা সাহায্য আঁচনিৰ ধনৰ খেলিমেলিৰ উচ্চ পর্যায় তদন্ত ঘোষণা কৰাৰ লগতে তালিকাত উল্লেখিত প্ৰতিজন শ্রমিকৰ প্ৰাপ্য ধন আদায় দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা আৰু চিকিৎসা সাহায্য আৰু বিশেষ ভাট্টা কেলেংকাৰীত জড়িত ব্যক্তি সকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰি শীঘ্ৰে দোষীক গ্ৰেপ্তাৰ কৰাৰ দাবী উত্থাপন কৰে ৷

এই ক্ষেত্ৰত বিষয়টো গুৰুত্বসহকাৰে বিবেচনা কৰি শীঘ্ৰে যথোচিত ব্যৱস্থা গ্ৰহণ নকৰিলে ইয়াৰ বিৰুদ্ধে ব্যাপক গণ আন্দোলন কাৰ্যসূচী গঢ়ি তোলাৰ বিকল্প নাথাকিব বুলিও স্মাৰক পত্ৰত উল্লেখ কৰিছে ৷ স্মাৰক পত্ৰৰ প্ৰতিলিপি অসম চৰকাৰৰ চাহ জনজাতি কল্যাণ আৰু শ্রমিক কল্যাণ মন্ত্ৰী, শ্রম আয়ুক্ত, বঙাইগাঁও জিলাৰ উপায়ুক্ত, জিলা শ্রম বিষয়া আৰু পৰিদৰ্শকলৈও প্ৰেৰণ কৰে ৷ প্ৰতিবাদী কাৰ্যসূচীত জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি মহীধৰ ৰায়ো উপস্থিত আছিল ৷ ইপিনে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ জিলা সম্পাদক নন্দন দেৱ নাথে সংবাদ মাধ্যমৰ আগত কয় যে তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে আমি জানিব পৰা মতে বঙাইগাঁও জিলাখনত বিগত ২০২০- ২০২১ বিত্তীয় বৰ্ষত চৰকাৰী পঞ্জীয়নভুক্ত নিৰ্মাণ শ্ৰমিকসকলক চিকিৎসা সাহায্য আগবঢ়োৱা হৈছিল ৷

জিলাখনৰ প্ৰায় ২৩২৮ গৰাকী শ্ৰমিকৰ নামত পাঁচ হেজাৰ টকাকৈ প্ৰায় ১২ কোটি টকা মোকলাই দিয়া বুলি শ্ৰম বিষয়াৰ কাৰ্যালয়ৰ তৰফৰ পৰা আৰটিআইৰ তথ্যত উল্লেখ কৰিছে ৷ লগতে বিভাগৰ নিজা ৱেৱচাইটতো উল্লেখ কৰিছে ৷ কিন্তু আচৰিত কথাটো হ’ল যে কোনো এজন শ্ৰমিকেই আজিলৈকে সেই ধন লাভ কৰিবলৈ সক্ষম হোৱা নাই আৰু একাউণ্টটো সোমোৱা নাই ধন ৷ কেৱল ২০২০ – ২১ বৰ্ষ বুলিয়ে নহয় বৰং ২০১৯, ২০১৮ বৰ্ষকে ধৰি প্ৰতিটো বৰ্ষতে এই দুৰ্নীতিটো সংঘটিত হৈ আছে ৷ আনকি শ্ৰমিকসকলে গমেই নেপায় তেওঁলোকৰ নাম যে সাহায্যপ্ৰাপ্ত তালিকাত সন্নিবিষ্ট হৈ আছে ৷ আৰটিআইৰ তথ্যৰ পিচতহে আমি জানিব পাৰিলো যে শ্ৰমিকৰ নামত এটা বৃহৎ কেলেংকাৰী সংঘটিত হৈ আছে ৷

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সততে বৰ জনপ্ৰিয় মন্ত্ৰী বুলি জহাই ফুৰে ৷ জনপ্ৰিয় মুখ্যমন্ত্ৰীগৰাকীৰ কাৰ্যকালতে এনেকুৱা দুৰ্নীতি সংঘটিত হোৱাটো এক ভয়ংকৰ লক্ষণ ৷ এই কেলেংকাৰীৰ সৈতে মন্ত্ৰী সঞ্জয় কিষাণ, শ্ৰম আয়ুক্তকে ধৰি সকলো বিষয়া – কৰ্মচাৰী জড়িত হৈ থকা বুলিও সন্দেহ প্ৰকাশ কৰে জিলা সম্পাদক দেৱনাথে ৷ লগতে বিজেপি চৰকাৰৰ দিনত অসমত সংঘটিত হোৱা এইটো এটা হয়টো আটাইতকৈ বৃহৎ দুৰ্নীতি হ’বলৈ গৈ আছে বুলিও কয় ৷ গতিকে শ্ৰমিকসকলক তেওঁলোকৰ প্ৰাপ্য ধন আদায় দিব লাগে আৰু মুখ্যমন্ত্ৰীৰ ভিজিলেন্সৰ দ্বাৰা তদন্ত কৰি দোষী ব্যক্তিক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিব লাগে ৷ কৃষক মুক্তিৰ জিলা সম্পাদকগৰাকীয়ে প্ৰকাশ কৰা মতে প্ৰতি বছৰে শ্ৰমিকৰ চিকিৎসা সেৱাৰ নামত পাঁচ হেজাৰ টকাকৈ আহে যদিও আজিলৈকে কোনো এজন শ্ৰমিকে এই ধন কিন্তু পোৱা নাই ৷ সেয়ে ১৮ আগষ্টৰ ভিতৰত যদি আমাক বিভাগে এই সন্দৰ্ভত কোনো সঠিক উত্তৰ দিব নোৱাৰে, তেতিয়াহলে আমি নিজাববীয়াকৈ চি এম ভিজিলেন্স আৰু বঙাইগাঁও থানাত গোচৰ ৰুজু কৰিব বুলিও প্ৰকাশ কৰে ৷ আনহাতে এজন শ্ৰমিকে কয় যে এয়া ২০২১ বৰ্ষৰ ২৫ মাৰ্চৰ কথা ৷ আমি জানিব পাৰিছিলো যে শ্ৰমিকৰ স্বাস্থ্য পৰীক্ষাৰ বাবে ধন আহিছে ৷

সেইমতে কাৰ্যালয়ত কেইবাবাৰো গৈ খবৰ কৰিছিলো যদিও আমাক ধন অহাৰ প্ৰমাণ ক’ত আছে বুলি ওলোটাইহে সোধে ৷ কাৰ্যালয়ৰ তৰফৰ পৰা আমাক জনায় যে গুৱাহাটীত যাব লাগিব ৷ পিচত গৈ গৈ ১৬ মাহ হৈ গ’ল যদিও ধন পাবলৈ সক্ষম নহোলো ৷কিন্তু আৰটিআই তথ্যত সকলো জানিব পাৰিলো ৷ গতিকে চৰকাৰে আমাক ধনখিনি আদায় দিয়াৰ ব্যৱস্থা কৰক ৷ সেইদৰে মহিলা শ্ৰমিক এগৰাকীয়ে নিজৰ ক্ষোভ উজাৰি কয় যে চৰকাৰে শ্ৰমিক কি বুজি নাপায় নেকি ? শ্ৰমিকৰ টকা আত্মসাৎ কৰে ৷ শ্ৰমিক মানে অট্টালিকাৰ চাদৰ ওপৰত কাম কৰাজন, ৰ’দত কাম কৰি থকাসকল, প্ৰতিদিনে আনৰ ঘৰত হাজিৰা কৰি থকাসকলেই শ্ৰমিক ৷ শ্ৰমিক মানে কাৰ্যালয়ত ফেনৰ তলত বহি থকাজন শ্ৰমিক নহয় ৷ চাকৰি বাদ দিয়ক ৷ শ্ৰমিকজনে কি কাম কৰে কৰি চাওক ৷ আমাৰ টকা আত্মসাৎ কৰি বিলাসী গাড়ীত ঘুৰা এনে বিষয়াসকলক চাকৰিৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী জনায় ৷ লগতে শ্ৰমিকসকলৰ প্ৰাপ্য ধন আদায় দিয়াৰ বাবে মুখ্যমন্ত্ৰীক ব্যৱস্থা গ্ৰহণ কৰিবলৈও অনুৰোধ জনায় ৷

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিক্ষা বিভাগৰ ৫৫৫০ টা শিক্ষক পদৰ নিযুক্তিত অভাৰলেপিং আঁ‌তৰ কৰাৰ দাবী ডি ৱাই এফ আইৰ

শিক্ষা বিভাগৰ ৫৫৫০ টা শিক্ষক পদৰ নিযুক্তিত অভাৰলেপিং আঁ‌তৰ কৰাৰ দাবী ডি ৱাই এফ আইৰ

September 14, 2025 9:08 am
তামিল ধ্ৰুপদী কৰ্মশালাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষকৰ অংশগ্ৰহণ

তামিল ধ্ৰুপদী কৰ্মশালাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষকৰ অংশগ্ৰহণ

September 14, 2025 8:36 am
দুমাহৰ ভিতৰতে কৰিব লাগিব জামিন আবেদনৰ নিষ্পত্তি; নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

দুমাহৰ ভিতৰতে কৰিব লাগিব জামিন আবেদনৰ নিষ্পত্তি; নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

September 14, 2025 8:13 am
লণ্ডনৰ ৰাজপথত প্ৰতিবাদত নামিছে লাখ লাখ মানুহ; কিহৰ বাবে প্ৰতিবাদ? কোনে  দিছে নেতৃত্ব?

লণ্ডনৰ ৰাজপথত প্ৰতিবাদত নামিছে লাখ লাখ মানুহ; কিহৰ বাবে প্ৰতিবাদ? কোনে  দিছে নেতৃত্ব?

September 14, 2025 7:33 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষা বিভাগৰ ৫৫৫০ টা শিক্ষক পদৰ নিযুক্তিত অভাৰলেপিং আঁ‌তৰ কৰাৰ দাবী ডি ৱাই এফ আইৰ

শিক্ষা বিভাগৰ ৫৫৫০ টা শিক্ষক পদৰ নিযুক্তিত অভাৰলেপিং আঁ‌তৰ কৰাৰ দাবী ডি ৱাই এফ আইৰ

September 14, 2025 9:08 am
তামিল ধ্ৰুপদী কৰ্মশালাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষকৰ অংশগ্ৰহণ

তামিল ধ্ৰুপদী কৰ্মশালাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষকৰ অংশগ্ৰহণ

September 14, 2025 8:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd