SCERT কেলেংকাৰী : জামিন লাভ কৰিলে ৬ অভিযুক্তই
অসমত সংঘটিত ১০৫ কোটি টকাৰ ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ বৃহৎ কেলেংকাৰিৰ ছয়জন অভিযুক্তক বুধবাৰে জামিন মঞ্জুৰ কৰা হয়।
আজি বিশেষ ন্যায়াধীশ আদালতে ছয় অভিযুক্তৰ জামিন আবেদন গ্ৰহণ কৰে।
আজি জামিন লাভ কৰাসকল হৈছে ভাস্কৰ জ্যোতি হাজৰিকা, কেশৱ গগৈ, সোণমনি নাথ, জয় চন্দ্ৰ লখৰ, ডেভিদ অধিকাৰী আৰু চাৰেং ম’ৰ।
ইফালে এই গোচৰত জড়িত অজয় পাল সিং আৰু ৰাজেশ কুমাৰ যোশীৰ জামিন আবেদন আদালতে নাকচ কৰে।
লাভ কৰা তথ্য অনুসৰি জামিন লাভ কৰাসকলে ৫০ হাজাৰকৈ টকা আৰু দুখন প্ৰতিশ্ৰুতি পত্ৰ আদালতত জমা দিব লাগিব।