NORTHEAST NOW (Assamese)

মধ্যাহ্ন ভোজন কেলেংকাৰিত বিদ্যালয়ৰ মুৰব্বী আৰু ব্যৱসায়ীক কাৰাগাৰলৈ প্ৰেৰণ

April 7, 2023 12:33 pm · এন ই নাও নিউজ, ওদালগুৰি
ওদালগুৰি মধ্যাহ্ন ভোজন কেলেংকাৰী।

ওদালগুৰি জিলাৰ মাজবাট থানাৰ অন্তৰ্গত মাজবাটৰ খুচৰাবাৰী স্কুলৰ প্ৰধান শিক্ষয়ত্ৰী নীনা মজুমদাৰ আৰু মাজবাটৰ ব্যৱসায়ী মিন্টু সাহাক বিদ্যালয়খনৰ মধ্যাহ্ন ভোজন (মিড ডে মিল)ৰ গুৰুতৰ অনিয়ম আৰু কেলেংকাৰিত গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে।

সূত্ৰৰ পৰা জানিব পৰা মতে, স্থানীয় অভিভাৱক আৰু বিদ্যালয়খনৰ বিদ্যালয় পৰিচালনা সমিতিৰ সদস্যসকলে বিদ্যালয়খনৰ মধ্যাহ্ন ভোজন আঁচনিৰ অধীনত লাভ কৰা চাউলৰ ক্ষেত্ৰত কেলেংকাৰিৰ গোন্ধ পাই মাজবাট আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। ইয়াৰ পিছতে আৰক্ষীৰ পুংখানুপুংখ তদন্তৰ অন্তত প্ৰধান শিক্ষয়ত্ৰীগৰাকীয়ে অপৰাধ স্বীকাৰ কৰে।

লগতে পঢ়ক: আচৰিত কাণ্ড! নিম্ন আদালতত দোষী সাব্যস্ত হোৱা গুজৰাটৰ বিজেপি সাংসদ আজিও লোকসভাৰ সদস্য

এজাহাৰ অনুসৰি ৰুজু কৰা ৩৫/২৩ গোচৰত যোৱা ৫ এপ্ৰিলত আৰক্ষীয়ে প্ৰধান শিক্ষয়ত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে যোৱা ৬ এপ্ৰিলত একেটা গোচৰতে মিণ্টু সাহা নামৰ ব্যৱসায়ীজনক গ্ৰেপ্তাৰ কৰা হয়।

ইয়াৰ পূৰ্বে বিদ্যালয় পৰিচালনা সমিতি আৰু খুচুৰাবাৰী স্কুলৰ অভিভাৱকসকলে বিদ্যালয়ৰ মুৰব্বীগৰাকীয়ে মধ্যাহ্ন ভোজন আঁচনিৰ অধীনত চাউল লাভ কৰা মাজবাট সমবায় সমিতিত তদন্ত চলাই গুৰুতৰ অনিয়মৰ তথ্য ধৰা পেলায়।

Related News