NORTHEAST NOW (Assamese)

গোৱালপাৰাত বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্রীক প্ৰহাৰ যুৱকৰ; উত্তপ্ত পৰিস্থিতি

November 9, 2019 10:34 pm · নীলমণি শৰ্মা
Updated: November 9, 2019 10:35 pm

গোৱালপাৰা জিলাৰ মাটিয়া শিক্ষাখণ্ডৰ অন্তৰ্গত হেলাপাখৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্রীক এজন উদণ্ড যুৱকে মাৰপিট কৰাৰ ঘটনাকলৈ আজি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

ঘটনাৰ বিৱৰণি মতে যোৱা ৫ নৱেম্বৰত ভাঙি পৰা হেলাপাখৰী প্ৰাথমিক বিদ্যালয় গৃহ মেৰামতি কৰি থকা অৱস্থাত আজি পুৱা ৯ বজাত আব্দুল হালিম নামৰ এজন স্থানীয় যুৱকে গৃহ নিৰ্মাণত বাধা দিয়াৰ লগতে প্ৰধান শিক্ষয়িত্ৰীক প্ৰহাৰ কৰে।

যুৱকজনে কিয় এনে কৰিলে তাক জানিব পৰা হোৱা নাই। উল্লেখযোগ্য যে ৫ নৱেম্বৰত বিদ্যালয়খনৰ গৃহ ভাঙি পৰি প্ৰায় ৩০ গৰাকীকৈ ছাত্ৰ-ছাত্ৰী আহত হৈছিল।

যুৱকৰ এনে কাণ্ডত বিদ্যালয়খনত এক উত্তপ্ত পৰিস্থিতি সৃষ্টি হয়। ঘটনাৰ পিছতে স্থানীয় ৰাইজ আৰু ছাত্ৰ-ছাত্ৰীয়ে যুৱকজনক ধৰিবলৈ চেষ্টা কৰে যদিও তেওঁ ঘটনাস্থলীৰ পৰা পলায়ন কৰে।

পিছত স্থানীয় লোকে মৰনৈ আৰক্ষীক অৱগত কৰাত আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়।

আৰক্ষীৰ উপস্থিতিত জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ লগতে জিলাখনৰ বিভিন্ন দল সংগঠন তথা শিক্ষক-শিক্ষয়িত্রীয়ে উক্ত ঘটনাক গৰিহণা দি অতি সোনকালেই যুৱকজনক গ্ৰেপ্তাৰ কৰি শাস্তি প্ৰদানৰ দাবী জনায়। অন্যথা জিলা ব্যাপী শ্ৰেণী বৰ্জন কাৰ্যসূচী গ্ৰহণ কৰা হ’ব কয়।

জানিব পৰা মতে প্ৰধান শিক্ষয়িত্রীক প্ৰহাৰ কৰা যুৱকজনে ইয়াৰ পুৰ্বেও কেবাটাও মাৰপিটৰ ঘটনা সংঘটিত কৰাৰ লগতে তেওঁ জুৱা খেলৰ সৈতেও জড়িত।

Related News