• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, March 8, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চোৰাং কাঠ উদ্ধাৰ কৰিবলৈ যাওঁতে লুইত নদীত সন্ধানহীন শদিয়াৰ যুৱক

NE NOW NEWS মানস প্রতীম গগৈ
মার্ঘেৰিটা , November 10, 2019 6:46 am

2 min read

IMG-20191109-WA0020

ফটো: নৰ্থইষ্ট নাও

3.7k
VIEWS
Share on FacebookShare on Twitter

তিনিচুকীয়া জিলাৰ  শদিয়াৰ বচা গাঁৱৰ পৰা শনিবাৰে জিণ্টু গগৈ নামৰ এজন যুৱক গাঁওখনৰ কাষেৰে বৈ যোৱা লুইত নদীত নিখোজ হৈ থকাৰ বাতৰি পোৱা গৈছে।

যুৱকজনৰ ককায়েকে সন্ধানহীন হোৱা সন্দৰ্ভত জনায় যে যুৱকজনক শদিয়াৰ  অবৈধ খয়েৰ কাঠৰ ব্যবসায়ী ৰফিজুল আলি আৰু বিপিন গগৈৰ লগত দিনৰ ১১ বজাত লুইতৰ পাৰৰ দিশে ওলাই গৈছিল।

নিশা বন বিভাগে অবৈধ ব্যৱসায়ী কেইজনে নদীৰ পাৰত মজুত কৰি থোৱা অবৈধ খয়েৰ কাঠসমূহ জব্দ কৰিছিল আৰু লগতে কাঠসমূহ নদীত পৰি ৰৈছিল।

যুৱকজনক দিনৰ ১১ বজাত ঘৰৰ পৰা মাতি নি কাঠসমূহ পুনৰ পাৰলৈ নিবলৈ তেওঁৰ সহায় বিচাৰিছিল আৰু নদীৰ পৰা কাঠসমূহ পাৰলৈ নিবলৈ চেষ্টা কৰি থাকোঁতেই এই  দুৰ্ভাগ্যজনক ঘটনাটো সংঘটিত হয়৷

সমগ্ৰ ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে শদিয়াৰ পৰা লুইত আৰু ব্ৰহ্মপুত্ৰ নদীৰে অবৈধ কাঠ সৰবৰাহেৰে কাঠ মাফিয়া চক্ৰই ৰমৰমীয় ব্যৱসায় যে চলাই আহিছে সেই তথ্য পোহৰলৈ আনিছে।

ইতিমধ্যে উক্ত ঘটনা সন্দৰ্ভত আৰক্ষীৰ ৰহস্যজনক স্থিতিক লৈও ৰাইজে ঘটনাস্থলীত ক্ষোভৰ বৰ্হিপ্ৰকাশ ঘটায়।

ৰাইজে সদৰী কৰে যে ঘটনাৰ কেইবাঘণ্টা উকলি যোৱাৰ পাছতো ঘটনাৰ সময়ত উপস্থিত থকা অবৈধ কাঠৰ ব্যৱসায়ী কেইজনক কৰায়ত্ত কৰিব পৰা নাই।

তেওঁলোকে মুকলিকৈ ক্ষোভ প্ৰকাশ কৰি কয় যে এনেদৰে শদিয়াৰ বুকুৰ মাজেদি দিনে নিশাই অসমৰ অন্য প্ৰান্তলৈ চোৰাং কাঠৰ সৰবৰাহ হৈ আছে যদিও প্ৰশাসনে চকু মুদা কুলিৰ ভাও ধৰা ভূমিকা এক ৰহস্যজনক বিষয়।

আনহাতে, বহু পলমকৈ ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষীৰে ক্ষুব্ধ ৰাইজৰ তৰ্ক- বিতৰ্কত লিপ্ত হোৱাৰ কথাও জানিব পৰা গৈছে।

Recent News

a modi_ji_660_2503

‘এদিন ভাৰতবৰ্ষৰ নাম নৰেন্দ্ৰ মোদীৰ নামেৰে ৰখা হ’ব’!

উত্তৰপ্ৰদেশ : বিবাহত অমান্তি হোৱাৰ বাবেই প্ৰেয়সীক হত্যা!

উত্তৰপ্ৰদেশ : বিবাহত অমান্তি হোৱাৰ বাবেই প্ৰেয়সীক হত্যা!

158325653_3651255315098972_1371538705393563669_o

বিশাল সমদলেৰে কাৰাৰুদ্ধ অখিল গগৈৰ মনোনয়ন দাখিল কৰে মাতৃ প্ৰিয়দা গগৈসহ ৰাইজৰ দলৰ নেতৃত্বই

শ্বাহিদ আফ্ৰিদীৰ জীয়েকৰ বিয়াক লৈ ক্ৰিকেট অনুৰাগীসকলৰ উৎসাহ, দৰা কোন!

শ্বাহিদ আফ্ৰিদীৰ জীয়েকৰ বিয়াক লৈ ক্ৰিকেট অনুৰাগীসকলৰ উৎসাহ, দৰা কোন!

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd