NORTHEAST NOW (Assamese)

কেতিয়া খুলিব ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ? তাৰিখ প্ৰকাশ কৰিলে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে

July 30, 2021 6:44 pm · এন ই নাও নিউজ
Updated: July 30, 2021 6:45 pm

কোভিড পৰিস্থিতিৰ বাবে দীৰ্ঘ দিন ধৰি বন্ধ হৈ আছে ৰাজ্যৰ শিক্ষানুষ্ঠান সমূহ।

দেশৰ আন বহু ৰাজ্যত আগষ্ট মাহৰ পৰা শিক্ষানুষ্ঠান খোলাৰ সিদ্ধান্ত লোৱা হৈছে। অসমত কেতিয়া শিক্ষানুষ্ঠান খোলা হ’ব তাকেলৈ বহুতৰে মনত প্ৰশ্নৰ উদয় হৈ আহিছে।

এনে সময়তে আজি শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ৰাজ্যৰ শিক্ষানুষ্ঠান খোলাৰ সাম্ভাৱ্য তাৰিখ ঘোষণা কৰিলে। শিক্ষামন্ত্ৰী পেগুৱে কয় যে ৰাজ্যৰ কোভিড পৰিস্থিতি বৰ্তমান বহু খিনি উন্নত হৈছে সেই বাবে ১ ছেপ্তেম্বৰৰ পৰা ৰাজ্যৰ শিক্ষানুষ্ঠান সমূহত নৱম-দশম আৰু দ্বাদশ শ্ৰেণীসমূহ খোলাৰ কথা চিন্তা কৰা হৈছে।

ইয়াৰ বাবে নিৰ্দিষ্ট এছঅ’পি প্ৰস্তুতৰ কাম চলি আছে বুলি তেওঁ কয়।

হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণৰ হাৰ বৃদ্ধি পালেও নামভৰ্তিৰ ক্ষেত্ৰত কোনোধৰণৰ অসুবিধা নহয় বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে অভয় প্ৰদান কৰে।

চৰকাৰী স্বীকৃতি নথকা বিদ্যালয়ত নামভৰ্তি কৰাৰ সলনি চৰকাৰী বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক নামভৰ্তি কৰিবলৈ শিক্ষামন্ত্ৰীগৰাকীয়ে আহ্বান জনায়।

তেওঁ কয় যেএইবাৰ উত্তীৰ্ণ শিক্ষাৰ্থীৰ সংখ্যা বৃদ্ধি পোৱা বাবে বহু ঠাইত যধে-মধে বহু জুনিয়ৰ কলেজৰ জন্ম হৈছে।

তেনে স্বীকৃতি নথকা অনুষ্ঠানৰ সলনি চৰকাৰী বিদ্যালয়ক নামভৰ্তিৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিবলৈ তেওঁ আহ্বান জনায়।

Related News