• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কংগ্রেছক গালি পাৰি বাতৰি কাকতৰ হেড লাইন দখল কৰাৰ পৰিৱর্তে শাসকীয় বিজেপি আৰু চৰকাৰে নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰক – প্ৰদেশ কংগ্ৰেছ

ঋতুপর্ণ কোঁৱৰ by ঋতুপর্ণ কোঁৱৰ
July 30, 2021 7:26 pm
Assam -Mizoram clash
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা কেইদিনত বিজেপি দল আৰু চৰকাৰে নিজৰ বিফলতা ঢাকিবৰ বাবে কিছুমান অবান্তৰ কথাৰে কংগ্রেছ দলক দোষাৰোপ কৰি সৰ্বসাধাৰণ ৰাইজক বিভ্ৰান্ত কৰিবলৈ অপচেষ্টা কৰা অসম প্রদেশ কংগ্রেছ কমিটিয়ে লক্ষ্য কৰিছোঁ।
এটা কথা সকলোৱে উপলব্ধি কৰিছে যে বিজেপি নেতৃত্বাধীন অসম চৰকাৰৰ অদূৰদর্শীতা, চুবুৰীয়া ৰাজ্য সমূহৰ সৈতে এক পাৰস্পৰিক সহযোগিতা আৰু সমন্বয়ৰ পৰিবেশ গঢ়ি তুলিব নোৱাৰাৰ বাবেই সীমা বিবাদৰ সমস্যাটো দৈনিক অৱনতিৰ ফালে ধাৱমান হৈছে।

তথ্যই কয় যে বিজেপি চৰকাৰৰ দিনত মেঘালয়, নগালেণ্ড, অৰুণাচল, মিজোৰাম সকলোৰে সৈতে সীমা বিবাদৰ সংঘাত বৃদ্ধি পাইছে।

Apply Now

যোৱা ২৬ জুলাই তাৰিখে পৰিস্থিতি এনে পয্যায় পালেগৈ যে মিজোৰাম সীমান্তত ৬ জনকৈ অসম আৰক্ষীৰ বীৰ জোৱান শ্বহীদ হ’বলগীয়া হ’ল। নিশ্চয়কৈ চৰকাৰৰ বিফলতাৰ বাবেই এনে কৰুণ ঘটনা সংঘটিত হ’বলৈ পাৰে।

এই চুড়ান্ত বিফলতাৰ পৰা শিক্ষা লোৱাৰ পৰিৱর্তে বিজেপি দল, চৰকাৰ আৰু মুখ্যমন্ত্রী ডাঙৰীয়াই ওলোটাই কংগ্রেছ দল আৰু প্ৰদেশ কংগ্ৰেছৰ নৱ-নিযুক্ত সভাপতি গৰাকীক সমালোচনা কৰাতহে গুৰুত্ব প্রদান কৰিছে। মুখ্যমন্ত্রীক তৈলমর্দন কৰিবলৈ গৈ বিজেপি দলেও ঘৰগোণাৰ ভাও দি কংগ্রেছ দলক হকে-বিহকে সমালোচনা কৰি বাতৰি কাকতৰ হেডলাইন দখল কৰিবলৈ উঠিপৰি লাগিছে।

তেওঁলোকৰ সমালোচনাৰ মূল লক্ষ্য হ’ব লাগিছিল মিজোৰামৰ চৰকাৰ, হৈছে কংগ্রেছ দল। নে NEDA ৰ অংশীদাৰ হোৱাৰ বাবেই মিজোৰাম চৰকাৰক সমালোচনা কৰিলে “ওপৰলৈ থুৱালে গাতে পৰিব ” সদৃশ হ’ব বুলি ভয়?বিজেপি দলে যিমানেই ঢাকিবলৈ অপচেষ্টা নকৰক কিয় সৰ্বসাধাৰণ ৰাইজে বুজি উঠিছে যে NEDA ৰ মাজত কোনো সু-সমন্বয় নাই, পাৰস্পৰিক বুজাবুজি নাই। ই মাথো এজন ব্যক্তি বিশেষৰ ৰাজনৈতিক জখলা বগোৱা আহিলাহে।

কংগ্রেছ দলক দায়িত্ববোধৰ নীতি শিক্ষা দিব বিচৰা বিজেপি দলক জনাব বিচাৰিছো যে বিগত ৫ বছৰ তেওঁলোকৰ চৰকাৰ থকাৰ সময়ত মিজোৰাম সীমান্তত ৪৩ বাৰ মিজোৰামৰ দুৰ্বৃত্তই অসমৰ সীমাত ভূমি দখলৰ দুষ্কার্য সংঘটিত কৰিছে।
তাৰে কাছাৰত ২৬ বাৰ, হাইলাকান্দিত ১৬ বাৰ আৰু কৰিমগঞ্জত ১ বাৰ। ৰাজ্য চৰকাৰৰ তথ্য মতেই উক্ত দুষ্কার্যৰ সংঘটিত কৰা দুৰ্বৃত্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে কিন্তু বিগত সময়ছোৱাত এজনকো আটক কৰিবলৈ সক্ষম হোৱা নাই।

হয়তো অসম চৰকাৰৰ এনে গুৰুত্বহীনতা আৰু অৱহেলাৰ বাবেই মিজো দুৰ্বৃত্তসকলে মিজোৰাম আৰক্ষীৰ সহযোগত যোৱা ২৬ জুলাই তাৰিখৰ দৰে জঘন্যতম কাণ্ড সংঘটিত কৰিবলৈ সাহস পালে।

চৰকাৰে উপযুক্ত সময়ত উপযুক্ত পদক্ষেপ গ্রহণ কৰাহেঁতেন হয়তো এনে ঘটনা সংঘটিত নহ’লহেঁতেন! ইয়াৰ বাবে ৰাজ্যৰ বিজেপি চৰকাৰক দায়ী নকৰি কাক দায়ী কৰিম ? কেৱল গোচৰ ৰুজু কৰিয়েই এখন দায়িত্বশীল চৰকাৰৰ দায়িত্ব শেষ হৈ যায় নেকি?এইয়াই নেকি বিজেপি দলৰ জাতি মাটি ভেটি ৰক্ষাৰ দায়িত্ব? কংগ্রেছ দলক অসম প্ৰেমৰ কথা কোৱা বিজেপি দলৰ এইবোৰেই নেকি অসমৰ প্ৰতি সৰ্বোচ্চ ত্যাগ বা প্ৰেম?

আনহাতে, মিজোৰামৰ বিৰোধী দল কংগ্রেছৰ বিৰুদ্ধে অভিযোগ অানি অসমৰ সংবাদ মাধ্যমৰ আগত লম্ফ-জম্ফ কৰা অসম বিজেপিয়ে এই অভিযোগ মিজোৰামৰ নিজৰেই NEDA ৰ অংশীদাৰ চৰকাৰখনক নিদিয়ে কিয়? নে NEDA ৰ নামত সেইকণো পাৰস্পৰিক সহযোগিতা নাই? যদি অভিযোগ শুদ্ধ তেন্তে কেন্দ্রতো দেখোন বিজেপিৰে চৰকাৰ।
গতিকে এটা শাসকীয় দল হৈ এইবিলাক নাটক কৰি আছে কিয়? অসম প্রদেশ কংগ্রেছে বিজেপি দলক আহ্বান জনাইছো যে আপোনালোকে এটা দায়িত্বশীল শাসকীয় পক্ষৰ দৰে বিষয়বিলাক উপস্থাপন কৰক।

তুলুঙা আৰু অবান্তৰ কথাৰে গুৰুত্বপূর্ণ বিষয় এটাত ৰাইজৰ ধ্যান অন্যদিশলৈ নিয়াৰ অপচেষ্টা বন্ধ কৰক। চৰকাৰেও চমক সৃষ্টিকাৰী আঁচনি ঘোষণাৰ পৰিৱর্তে ৰাজ্যখনৰ মূল সমস্যাসমূহৰ সমাধানত তৎপৰতা প্রদর্শন কৰক।

ইয়াৰোপৰি বিজেপি দলে বিৰোধী দলক নীতি শিক্ষা দিয়াৰ ধৃষ্টতা প্ৰদৰ্শন নকৰাই ভাল। কাৰণ যি দলে গণতান্ত্রিক পৰম্পৰাক সন্মান প্ৰদৰ্শন কৰাৰ বিপৰীতে বিৰোধীক অস্তিত্বহীন কৰা, ভৎসনা কৰা, ঠাট্টা-মস্কৰা কৰাতেই ব্যস্ত থাকে সেইসকলৰ বিৰোধীক নীতি শিক্ষা দিয়াৰো কোনো অধিকাৰ নাই।

কংগ্রেছ দল এটা শতবৰ্ষ গৰকা অভিজ্ঞ ৰাজনৈতিক দল হিচাবে ৰাজ্যখনৰ হিতৰ বাবে সদায়েই চৰকাৰৰ ভাল কামত সহযোগিতা কৰি যাব আৰু চৰকাৰৰ বিফলতাসমূহ, জনবিৰোধী নীতি সমূহ জনগণৰ সন্মুখত উদঙাই দি যাম।

আমি আশা কৰিম যে জাতীয় সংকটৰ সময়ত বিজেপি দল আৰু চৰকাৰে ঘৰৰ মানুহকে শতৰু জ্ঞান কৰা মানসিকতা পৰিহাৰ কৰিব আৰু পৰক হাঁহিবলৈ সুবিধা কৰি নিদিব ।

(লেখক প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ)

ঋতুপর্ণ কোঁৱৰ

ঋতুপর্ণ কোঁৱৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তিৰংগা যাত্ৰাৰ পূৰ্বেই আটক অভিজিৎ দীপকে, যন্তৰ-মন্তৰৰ সমীপৰ পৰা আটক নেহা বৰা

তিৰংগা যাত্ৰাৰ পূৰ্বেই আটক অভিজিৎ দীপকে, যন্তৰ-মন্তৰৰ সমীপৰ পৰা আটক নেহা বৰা

October 16, 2026 9:55 pm
মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

October 16, 2026 8:55 pm
বিতৰ্কৰ মাজতেই নিৰ্বাচন আয়োগৰ ডাঙৰ পদক্ষেপ! ১৭খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত চলিব বিশেষ পুনৰ্নিৰীক্ষণ

বিতৰ্কৰ মাজতেই নিৰ্বাচন আয়োগৰ ডাঙৰ পদক্ষেপ! ১৭খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত চলিব বিশেষ পুনৰ্নিৰীক্ষণ

October 16, 2026 7:55 pm
হিন্দী ইন, বড়ো আউট! অসম বিধানসভাৰ পৰা মাতৃভাষা আঁতৰোৱাক লৈ ক্ষোভ নিখিল বড়ো ছাত্ৰ সন্থাৰ

হিন্দী ইন, বড়ো আউট! অসম বিধানসভাৰ পৰা মাতৃভাষা আঁতৰোৱাক লৈ ক্ষোভ নিখিল বড়ো ছাত্ৰ সন্থাৰ

October 16, 2026 6:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তিৰংগা যাত্ৰাৰ পূৰ্বেই আটক অভিজিৎ দীপকে, যন্তৰ-মন্তৰৰ সমীপৰ পৰা আটক নেহা বৰা

তিৰংগা যাত্ৰাৰ পূৰ্বেই আটক অভিজিৎ দীপকে, যন্তৰ-মন্তৰৰ সমীপৰ পৰা আটক নেহা বৰা

October 16, 2026 9:55 pm
মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

October 16, 2026 8:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd