বিজ্ঞানীৰ দাবী: পৃথিৱীতে আছে ইমান দিনে মানুহৰ চকুত নপৰা ছয় নম্বৰ মহাসাগৰ!

Scientists have just discovered a 6th ocean পৃথিৱীতে আছে আৰু আন এখন মহাসাগৰ। ইয়াৰ অৰ্থ হৈছে পৃথিৱীত ষষ্ঠ মহাসাগৰ! এইটোৱেই দাবী কৰিছে বিজ্ঞানীসকলে।

শেহতীয়াকৈ জাৰ্মানী, ইটালী আৰু আমেৰিকাৰ এদল বিজ্ঞানীয়ে এই মহাসাগৰ আৱিষ্কাৰ কৰিছে। ‘নেচাৰ’ আলোচনীত প্ৰকাশিত হৈছে তেওঁলোকৰ গৱেষণা পত্ৰ। দাবী কৰা হৈছে যে ইমান বছৰ ধৰি এই পৃথিৱীত ছয় নম্বৰ মহাসাগৰ এখন আছে। সেইখন মানুহৰ দৃষ্টিলৈ অহাই নাছিল।

ইমান দিন ধৰি ভূগোলৰ কিতাপত আমি জানি আহিছো যে পৃথিৱীত পাঁচখন মহাসাগৰৰ আছে। প্ৰশান্ত মহাসাগৰ, আটলান্টিক মহাসাগৰ, ভাৰত মহাসাগৰ, উত্তৰ মহাসাগৰ আৰু দক্ষিণ মহাসাগৰ। কিন্তু সেই ধাৰণা এইবাৰ সলনি হ’বলৈ আগবাঢ়িছে।

কিন্তু ক’ত আছে এই মহাসাগৰখন? এই মহাসাগৰখন পৃথিৱীৰ উপৰিভাগৰ আৱৰণ আৰু কেন্দ্ৰৰ মধ্যৱৰ্তী এটা স্তৰৰ মাজত আছে। এই মহাসাগৰখন ভূতলৰ ৬৬০ কিলোমিটাৰ গভীৰতাৰ পৰা ৪১০ কিলোমিটাৰ গভীৰতাৰ ভিতৰত আছে।

বাকী পাঁচখন মহাসাগৰ য’ত উপৰিভাগৰ আৱৰণৰ ভিতৰত আছে, এই মহাসাগৰখন তাৰ তলত আছে। আৰু সেইকাৰণেই ইমান দিন ধৰি ইয়াৰ অস্তিত্ব ধৰিব পৰা হোৱা নাই। বিজ্ঞানীসকলে এইদৰে দাবী কৰে।

দৰাচলতে কি অৱস্থাত আছে এই মহাসাগৰ? বিজ্ঞানীসকলৰ মতে এই স্তৰত শিলবোৰৰ মাজত পানী আৱদ্ধ হৈ আছে। কিন্তু সকলো মিলি ইমান পানী আছে যি কোনো মহাসাগৰতকৈ কম নহয়। সেয়েহে, বিজ্ঞানীসকলে ভাবে যে ইয়াক ষষ্ঠ মহাসাগৰ হিচাপে চিনাক্ত কৰা উচিত।

কেনেকৈ পোৱা গ’ল এই মহাসাগৰৰৰ সন্ধান? বটছোৱানাত এটা বিৰল প্ৰজাতিৰ হীৰা পোৱা গৈছে। বিজ্ঞানীসকলে এই হীৰাৰ পৰীক্ষা কৰোঁতে অদ্ভুত তথ্য বিচাৰি পাইছে। তেওঁলোকে আৱিষ্কাৰ কৰিছে যে এই হীৰাটো প্ৰায় ৬১০ কিলোমিটাৰ গভীৰতাৰ পৰা উঠি আহিছে। ১.৫ চেণ্টিমিটাৰ দৈৰ্ঘ্যৰ এই হীৰাটোৰ বিষয়ে বিজ্ঞানীসকলৰ মত হ’ল প্ৰচণ্ড চাপৰ বাবে সৃষ্টি হৈছে এই হীৰাৰ। আৰু এই হীৰাৰ ভিতৰত বেছি অংশই পানী। আৰু ইয়াৰ পৰাই বিজ্ঞানীসকলে অনুসন্ধান চলাই এই মহাসাগৰৰ অস্তিত্বৰ অনুমান লাভ কৰিছে।

বিজ্ঞানীসকলৰ দাবী যে এই মহাসাগৰত থাকিব পৰা পানীৰ পৰিমাণ পৃথিৱীৰ পৃষ্ঠত অৱস্থিত যিকোনো মহাসাগৰতকৈ অধিক। ফলস্বৰূপে ইয়াক মহাসাগৰ বুলি ভাবিবলৈ পৰ্যাপ্ত যুক্তি আছে। তেনেহ’লে আচৰিত হ’বলৈ একো নাই। আমি ভূগোলৰ পাঠত হয়তো আৰু এখন মহাসাগৰৰ বিষয়ে পঢ়িবলৈ পাম!