NORTHEAST NOW (Assamese)

নিৰ্বাচনৰ পূৰ্বে বিজেপিত মোক্ষম আঘাত; ১২০০ বাহনৰ কনভয় লৈ কংগ্ৰেছলৈ উভতিল হেভিৱেট নেতা (ভিডিঅ’ চাওক)

August 19, 2023 3:04 pm · এন ই নাও নিউজ, গুৱাহাটী

মধ্যপ্ৰদেশ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিত মোক্ষম আঘাত। জ্যোতিৰাদিত্য সিন্ধিয়াৰ ঘনিষ্ঠ বুলি পৰিচিত সমন্দৰ পেটেলে ১২০০খন বাহনৰ কনভয় লৈ কংগ্ৰেছত যোগদান কৰিছে। শতাধিক কৰ্মীৰ সৈতে কংগ্ৰেছত যোগদান কৰে নীমুচৰ পৰা বিজেপিৰ ৰাজ্যিক কাৰ্যকৰী সমিতিৰ সদস্য তথা সিন্ধিয়া সমৰ্থক সমন্দৰ পেটেলে।

কংগ্ৰেছত যোগদান কৰাৰ পিছত পেটেলে কয় যে তেওঁ সিন্ধিয়াৰ সৈতে বিজেপিলৈ গৈছিল যদিও তাত তেওঁৰ যেন উশাহ বন্ধ হৈ পৰিছিল। ‘মোৰ গোটেই পৰিয়ালটো খাটি কংগ্ৰেছ। মোৰ গোটেই জীৱনটো কেৱল কংগ্ৰেছতে পাৰ হৈ গ’ল। আকৌ মোৰ পুৰণি ঘৰলৈ ঘূৰি আহি মই বৰ সকাহ পাইছো’। পেটেলৰ লগতে বহু কৰ্মী সমৰ্থকে শুকুৰবাৰে কংগ্ৰেছত যোগদান কৰে।

লগতে পঢ়ক: ‘আমেথিৰ পৰাই ২০২৪-ত প্ৰতিদ্বন্দ্বিতা কৰিব ৰাহুল গান্ধীয়ে’; বাৰাণসীত মোডীৰ বিৰুদ্ধে প্ৰিয়ংকা?

কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ বাবে প্ৰত্যহ্বানৰ সৃষ্টি কৰি বিজেপিৰ বিধায়কজনে সমৰ্থক নেতাৰ সৈতে ১২০০খন বাহনৰ কনভয়ত কংগ্ৰেছত যোগদান কৰে।  কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ হাত ধৰি বিজেপিত যোগদান কৰা তেওঁৰ ঘনিষ্ঠ সমৰ্থক সমন্দৰ পেটেলে কালি কংগ্ৰেছত যোগদান কৰে। ১২০০খন বাহনৰ কনভয়ত শ শ সমৰ্থক লৈ ভূপাললৈ আহি তেওঁ কংগ্ৰেছত যোগদান কৰে। তেওঁ দলত যি সন্মান লাভ কৰিব লাগিছিল, সেই সন্মান নাপালে বুলিও কয়। সেয়ে তেওঁ পুনৰ কংগ্ৰেছত যোগদান কৰিছে।

মধ্যপ্ৰদেশত জ্যোতিৰাদিত্য সিন্ধিয়াৰ লগ লাগি বিজেপিত যোগদান কৰি কংগ্ৰেছৰ কমল নাথ চৰকাৰ উফৰাই দিয়া বিধায়ক সমন্দৰ পেটেলে পুনৰ কংগ্ৰেছত যোগদান কৰিছে। নিজৰ পুৰণি দললৈ উভতি আহি সমন্দৰ পেটেলে কয় যে ভাৰতীয় জনতা পাৰ্টিত তেওঁৰ “উশাহ বন্ধ হৈ যোৱা পৰিস্থিতি” হৈছিল।

লগতে পঢ়ক: যুদ্ধৰ ভাবুকি! আমেৰিকাৰে হলিগলি কৰা টাইৱানক কেন্দ্ৰ কৰি চীনৰ বৃহৎ সামৰিক অনুশীলন

বিগত তিনিমাহত একেধৰণৰ শক্তি প্ৰদৰ্শনেৰে তিনিজন সিন্ধিয়া সমৰ্থকে কংগ্ৰেছত যোগদান কৰে। যোৱা ১৪ জুনত শিৱপুৰী বিজেপি নেতা বৈজনাথ সিং যাদৱে সিন্ধিয়াৰ সৈতে সকলো সম্পৰ্ক বিচ্ছিন্ন কৰি ৭০০খন বাহনৰ কনভয় লৈ কংগ্ৰেছত যোগদান কৰিছিল। আনহাতে, ২৬ জুনত শিৱপুৰীৰ প্ৰাক্তন উপ-সভাপতি ৰাকেশ কুমাৰ গুপ্তাইও গাড়ীৰ কভয় লৈ কংগ্ৰেছত যোগদান কৰে।

যোগদানৰ পিছত সমন্দৰ পেটেলে কয়, ‘মই সিন্ধিয়াৰ হাতত ধৰি দলৰ পৰা ওলাই আহিছিলোঁ, কিন্তু বিজেপিৰ ওচৰলৈ গৈ নিজে শ্বাসৰুদ্ধকৰ পৰিস্থিতিত পৰিলোঁ। মোক কোনো অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰা হোৱা নাছিল আৰু মোক প্ৰাপ্য সন্মানো দিয়া হোৱা নাছিল”।

ইয়াৰ সৈতে দ্বিতীয় বাৰৰ বাবে দলত যোগদান কৰিছে সমন্দৰ পেটেলে। ২০১৮ চনত তেওঁ টিকট নোপোৱাৰ বাবে কংগ্ৰেছৰ সৈতে সম্পৰ্ক ভাঙিছিল। সেইবাৰ নিৰ্দলীয় হিচাপে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি জয়ী হৈছিল। ইয়াৰ পিছত ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে তেওঁ কংগ্ৰেছত যোগদান কৰে। কিন্তু ২০২০ চনৰ মাৰ্চ মাহত যেতিয়া সিন্ধিয়াই কংগ্ৰেছৰ সৈতে বিদ্ৰোহ কৰিছিল তেতিয়া সমন্দৰ পেটেলেও তেওঁক সমৰ্থন কৰিছিল।

Related News