ICC T-20 World Cup অঘটন! ছাকিবৰ বিশ্বৰেকৰ্ডৰ দিনাই টী-২০ বিশ্বকাপত স্কটলেণ্ডৰ হাতত পৰাজিত বাংলাদেশ

Bangladesh vs Scotland

ICC T-20 World Cup কোৱালিফাইং ৰাউণ্ডৰ মেচেৰে আৰম্ভ হোৱা টী-২০ বিশ্বকাপৰ প্ৰথম দিনাই বাংলাদেশৰ অলৰাউণ্ডাৰ ছাকিব উল হাছানে বিশ্বৰেকৰ্ড গঢ়ে যদিও খেলখনত স্কটলেণ্ডৰ হাতত পৰাজিত হয় বাংলাদেশ।

শিহৰণকাৰী মেচখনত বাংলাদেশক ৬ৰাণত পৰাজিত কৰে স্কটলেণ্ডে। ফলত বিশ্ব ৰেকৰ্ড গঢ়াৰ পাছতো দেশৰ পৰাজয়ে যেন ম্লান কৰি তুলিলে ছাকিবৰ কৃতিত্ব।

দেওবাৰে প্ৰথমে বেটিং কৰি স্কটলেণ্ডে তেওঁৰ নিৰ্দ্ধাৰিত ২০ অভাৰত ৯টা উইকেট হেৰুৱাই ১৪০ ৰাণ কৰে।

স্কটলেণ্ডৰ মিডল অৰ্ডাৰ বেটছমেন ক্ৰিছ গ্ৰীয়েভছে ২৮টা বলত বিস্ফোৰক ৪৫ৰাণৰ ইনিংছ খেলে। তদুপৰি, মাৰ্ক ওৱাটে ১৭টা বলত কৰে ২২ৰাণ।

ছাকিবে মেচখনত দুটা উইকেট দখল কৰে। ইয়াৰ লগে লগে টী-২০ ক্ৰিকেটত বিৰল বিশ্বৰেকৰ্ড গঢ়ে ছাকিব উল হাছানে।

Also Read: কিয় গ্ৰেপ্তাৰ কৰি জামিনত মুকলি কৰি দিলে প্ৰাক্তন ভাৰতীয় তাৰকা ক্ৰিকেটাৰ যুৱৰাজ সিঙক?

ছাকিবে শ্ৰীলংকাৰ প্ৰাক্তন পেচাৰ লাচিথ মালিংগাক অতিক্ৰমি টী-২০ৰ সৰ্বাধিক উইকেট দখলকাৰী হিচাপে নিজৰ স্থান অংকিত কৰে।

মালিংগাই ৮৪খন মেচ খেলি ১০৭টা উইকেট দখল কৰিছিল। আনহাতে, দেওবাৰে দুটা উইকেট দখল কৰাৰ পাছত ছাকিবৰ টী-২০ আন্তৰ্জাতিকত উইকেটৰ সংখ্যা হ’ল ১০৮টা।

ইপিনে, ১৪১ৰাণৰ লক্ষ্য অনুসৰণ কৰি বাংলাদেশৰ দুয়োগৰাকী অপেনাৰ লিটন দাস আৰু সৌম্য সৰকাৰে ৫ৰাণকৈ কৰি আউট হয়।

Also Read: ৰাষ্ট্ৰীয় পৰ্যায়ত গোলাঘাটৰ কিক বক্সিং দলৰ সাফল্য; দহ জন খেলুৱৈৰ সোণৰ পদক লাভ

ছাকিবেও মাত্ৰ ২০ ৰাণ কৰিয়েই আউট হয়। শেষৰ পিনে অধিনায়ক মাহমুদুল্লাহে চেষ্টা চলালেও ২২ৰাণহে কৰিবলৈ সক্ষম হয়।

বাংলাদেশে নিৰ্দ্ধাৰিত ২০ অভাৰত ৭টা উইকেট হেৰুৱাই ১৩৪ৰাণত ইনিংছ সামৰে। ফলত ৬ৰাণত পৰাজয় বৰণ কৰে বাংলাদেশ। স্কটলেণ্ডৰ হৈ ব্ৰেডলি হুৱেলে ৩টা উইকেট দখল কৰে।