NORTHEAST NOW (Assamese)

অসম হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা; উত্তীৰ্ণৰ হাৰ ৯৩.১০ শতাংশ

July 30, 2021 10:57 am · কল্পজ্যোতি শইকীয়া

বহু চৰ্চিত ২০২১ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল আজি ঘোষণা কৰা হৈছে।

কোভিড পৰিস্থিতিৰ বাবে বাতিল হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল শিক্ষাৰ্থীয়ে পূৰ্বৰ কেতবোৰ পৰীক্ষাত লাভ কৰা নম্বৰৰ ভিত্তিত প্ৰদান কৰাৰ সিদ্ধান্ত লোৱা হৈছিল আৰু তাৰ ভিত্তিতে আজি এই ফলাফল ঘোষণা কৰা হয়।

ছেবাৰ অধীনত থকা মুঠ ৭,৩০১ খন বিদ্যালয়ত এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ মুঠ পৰীক্ষাৰ্থীৰ সংখ্যা হৈছে ৪,২৬,৫৫গৰাকী। ইয়াৰে ১,৯৭,৬৫৫ গৰাকী ছাত্ৰ আৰু ২,২৮,৯৮৮ গৰাকী ছাত্ৰী।

ফলাফল অনুসৰি সৰ্বমুঠ উত্তীৰ্ণ ৩,৯৭,১৩২ গৰাকী ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈছে। উত্তীৰ্ণৰ হাৰ হৈছে  ৯৩.১০ শতাংশ।

ইয়াৰে প্ৰথম বিভাগত উত্তীৰ্ণ ৮৮,৫২১ গৰাকী, দ্বিতীয় বিভাগত উত্তীৰ্ণ ১৬০,২৯৮ গৰাকী আৰু তৃতীয় বিভাগত উত্তীৰ্ণ ১,৪৮,৩১৩ গৰাকী ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈছে।

এইবাৰ মুঠ ডিষ্টিংশ্যন লাভ কৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হৈছে ১০,৩৪৮ গৰাকী আৰু মুঠ ষ্টাৰমাৰ্ক লাভ কৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হৈছে ২০,০৯২ গৰাকী।

শিক্ষাৰ্থীসকলে Google play store লৈ গৈ “ SEBA Results 2021” এপ ডাউনলোড কৰি ৰিজাল্ট লাভ কৰিব পাৰিব।

নতুবা sebaonline.org ৱেবচাইটতো ৰিজাল্ট উপলব্ধ হ’ব।

ছাত্ৰ-ছাত্ৰীসকলে ডিজিটেল মাৰ্কশ্বিটৰ জৰিয়তে একাদশ শ্ৰেণীত নাম ভৰ্তি কৰিব পাৰিব।

কোনো অভিযোগ থাকিলে শিক্ষাৰ্থীয়ে সংশ্লিষ্ট জিলাৰ বিদ্যালয় পৰিদৰ্শকৰ জৰিয়তে জিলা খনৰ অতিৰিক্ত উপায়ুক্ত(শিক্ষা)ক অভিযোগ দাখিল কৰিব পাৰিব।

বিদ্যালয় মূল্যায়ন সমিতিয়ে যুগুত কৰা পদ্ধতিৰ ফলাফলকলৈ যদি কোনো ছাত্ৰ-ছাত্ৰী সন্তুষ্ট নহয় তেন্তে বিশেষ পৰীক্ষাত বহিব পাৰিব।

এইক্ষেত্ৰত শিক্ষাৰ্থীসকলে সৰ্বমুঠ ৬ খন থিয়ৰিৰ পৰীক্ষাত বহিব লাগিব।আভ্যন্তৰীণ মূল্যায়ন আৰু ব্যৱহাৰিক পৰীক্ষাৰ নম্বৰ ছেবাৰ হাতত পূৰ্বৰে পৰা থকা খিনিয়েই ধৰা হ’ব।

বিশেষ পৰীক্ষাত বহিব বিচৰাসকলে sebaonline.org ৱেবচাইটত অন-লাইন প্ৰ-পত্ৰ পূৰণ কৰিব লাগিব। ছবোৰ অন লাইন পোৰ্টেল ৫ আগষ্টৰ পৰা ১২ আগষ্ট পৰ্যন্ত উপলব্ধ হ’ব। বিশেষ পৰীক্ষাৰ সময়সূচী পৰৱৰ্তী সময়ত ছেবাই প্ৰকাশ কৰিব।

Related News