NORTHEAST NOW (Assamese)

কোভিড-১৯ পৰিস্থিতিৰ বাবে স্থগিত মেট্ৰিক, হাই মাদ্ৰাছা পৰীক্ষা

May 4, 2021 12:40 pm · জাহ্নৱী বৰুৱা
Updated: May 4, 2021 12:59 pm

কোভিড-১৯ পৰিস্থিতিৰ বাবে মেট্ৰিক, হাই মাদ্ৰাছা পৰীক্ষা স্থগিত ৰখা হৈছে।

সেই অনুসৰি, এতিয়া অহা ১১মে’ৰ পৰা অনুষ্ঠিত নহয় এই পৰীক্ষা।

ছেবাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনে নৰ্থ ইষ্ট নাওৰ সাংবাদিকক জনালে এই কথা।

সমগ্ৰ ৰাজ্যজুৰি কোভিডে ভয়াবহ ৰূপ ধাৰণ কৰাৰ বাবে স্বাস্থ্য বিভাগৰ লগত আলোচনাৰ মাধ্যমৰে এই সিদ্ধান্ত লোৱা বুলি অধ্যক্ষগৰাকীয়ে আমাৰ সাংবাদিকক জানিবলৈ দিয়ে।

 

তদুপৰি, কোভিড-১৯ৰ সংক্ৰমণ ৰোধ হোৱাৰ পাছতহে ছেবাই পৰীক্ষা অনুষ্ঠিত কৰা সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিব।

ছাত্ৰ-ছাত্ৰীৰ জীৱনৰ সুৰক্ষা তথা নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে ছেবা কৰ্তৃপক্ষই।

Related News