নৱম আৰু দশম শ্ৰেণীৰ পাঠ্যক্ৰমত ঐচ্ছিক বিষয় হিচাপে অন্তৰ্ভুক্ত হ’ব বাণিজ্য

SEBA Commerce story

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

অসম মাধ্যমিক শিক্ষা পৰিষদে আগন্তুক শিক্ষা বৰ্ষৰ পৰা নৱম আৰু দশম শ্ৰেণীৰ পাঠ্যক্ৰমত ঐচ্ছিক বিষয় হিচাপে বাণিজ্যক অন্তৰ্ভুক্ত কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে।

সূত্ৰৰ পৰা লাভ কৰা খবৰ অনুসৰি পৰিষদে ২০২০-২১ শিক্ষা বৰ্ষৰ পৰা দুয়োটা শ্ৰেণীতে বাণিজ্য বিষয়ৰ পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰিব।

বাণিজ্য বিষয়ত উচ্চ শিক্ষা গ্ৰহণ কৰিব বিছৰা ছাত্ৰ-ছাত্ৰীসকলৰ সহায় হোৱাকৈ অসম মাধ্যমিক শিক্ষা পৰিষদে স্কুল পৰ্য্যায়ৰ পৰা বাণিজ্য বিষয়টো পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিব বিচৰিছে যাতে ছাত্ৰ-ছাত্ৰীসকলৰ বাণিজ্য বিষয়ৰ প্ৰাথমিক জ্ঞান আহৰণত সহায় হয়।

সূত্ৰত উল্লেখ কৰা অনুসৰি, বাণিজ্য বিষয়ৰ প্ৰাথমিক জ্ঞান যেনে-বেকিং,ইঞ্চুৰেঞ্চ ইত্যাদিৰ প্ৰয়োজন দৈনন্দিন জীৱনত সাধাৰণ ছাত্ৰ-ছাত্ৰীসকলৰ বাবেও প্ৰয়োজনীয়।

আনহাতে, বাণিজ্য বিষয় নৱম আৰু দশম শ্ৰেণীৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ ফলত উচ্চতৰ মাধ্যমিক আৰু বাণিজ্য বিষয়ত স্নাতক ডিগ্ৰী অৰ্জন কৰিব বিচৰা শিক্ষাৰ্থীসকল উপকৃত হ’ব বুলি পৰিষদৰ ফালৰ পৰা আশা কৰা হৈছে।

উল্লেখযোগ্য যে, উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত বহু সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে উচ্চতৰ মাধ্যমিকৰ বাণিজ্য শাখাত নামভৰ্তি কৰে। বাণিজ্য শাখাত ছাত্ৰ-ছাত্ৰীসকলে নাম ভৰ্তি কৰাৰ লগে লগে তেওঁলোকৰ বাবে বিষয়টো সম্পুৰ্ণ নতুন হৈ পৰে।

বহু ছাত্ৰ-ছাত্ৰীয়ে বিষয়টোৰ ওপৰত ব্যৱহাৰিক পূৰ্বানুমান নথকাকৈ নাম ভৰ্তি কৰাৰ বাবে সময়ত তেওঁলোকৰ বাবে বাণিজ্য বিষয়টো বোজা হৈ পৰাও পৰিলক্ষিত হয়।

অসম মাধ্যমিক শিক্ষা পৰিষদে লোৱা পৰিকল্পানাই নিশ্চিতভাৱে বাণিজ্য বিষয়ত উচ্চ শিক্ষা গ্ৰহণ কৰিব বিচৰা ছাত্ৰ-ছাত্ৰীসকলক উপকৃত কৰিবলৈ সক্ষম হ’ব।