NORTHEAST NOW (Assamese)

২০১৯ শিক্ষা বৰ্ষৰ পৰা ছেবাৰ তিনিটা নতুন ঐচ্ছিক বিষয়ৰ সূচনা

August 29, 2018 3:42 pm · এন ই নাও নিউজ

২০১৯ শিক্ষা বৰ্ষৰ পৰা অসম মাধ্যমিক শিক্ষা পৰিষদ (SEBA)অৰ্থাৎ ছেবাই ‘স্বাস্থ্যসেৱা’, ‘কৃষি আৰু উদ্যানশস্য’, ‘ব্যক্তিগত নিৰাপত্তা’ এই বিষয় তিনিটা ঐচ্ছিক বিষয় হিচাপে আৰম্ভ কৰিব।

আন আন ঐচ্ছিক বিষয়সমূহ হৈছে পৰ্যটন, হস্পিটেলিটী মেনেজমেণ্ট ২০২০ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ কৰা হ’ব।

ছেবাৰ অধ্যক্ষ আৰচি জৈনে কৈছে যে এই বিষয়সমূহে ভবিষ্যতে ছাত্ৰ-ছাত্ৰীসকলক কেৰিয়াৰৰ অধিক বিকল্প প্ৰদান কৰিব। ছাত্ৰ-ছাত্ৰীসকলে এই তিনিটা বি,য়ত পৰৱৰ্তী শিক্ষাবৰ্ষৰ পৰা অৱতীৰ্ণ হ’ব পাৰিব। বিষয়সমূহৰ বাণিজ্যিক দিশটোৰ প্ৰতি লক্ষ্য ৰাখি ঐচ্ছিক বিষয় হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে।

টাইমছ অব ইণ্ডিয়াই তেওঁৰ বক্তব্যৰ আঁত ধৰি লিখিছে যে ছাত্ৰ-ছাত্ৰীসকলে এই বিষয়কেইটাৰ পৰা তেওঁলোকৰ দক্ষতা বৃদ্ধি কৰিব পাৰিব আৰু ভবিষ্যতৰ পেছা বাছনি কৰিব পাৰিব।

ছেবাৰ পৰীক্ষা নিয়ন্ত্ৰক নয়নজ্যোতি শৰ্মাই কৈছে যে ২০১৯ শিক্ষা বৰ্ষৰ বাবে ৪.৩৬ লাখ ছাত্ৰ-ছাত্ৰীয়ে নাম পঞ্জীয়নভুক্ত কৰিছে।

চলিত বৰ্ষত ৪.০৫ লাখ ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হোৱালৈ চাই এই বৃদ্ধিৰ সংখ্যা উল্লেখনীয়। এই সংখ্যা ২০২০ চনত ৪.৪৬ লাখ হ’ব বুলি আশা কৰা হৈছে বুলি পৰীক্ষা নিয়ন্ত্ৰকগৰাকীয়ে কৈছে।

Related News