ত্ৰিপুৰা বিশ্ববিদ্যালয়ত স্থাপন সৌৰশক্তি উৎপাদন কেন্দ্ৰ

g-2-750x375

ত্ৰিপুৰা বিশ্ববিদ্যালয়ত ৫০০ কিলোৱাট পীক সৌৰশক্তি উৎপাদনক্ষম প্ৰকল্প এটা স্থাপন কৰা হৈছে। সোমবাৰে এই সৌৰশক্তি প্ৰকল্পটো উদ্বোধন কৰা হয়।

ইণ্ডিয়ান এক্সপ্ৰেছ সংবাদপত্ৰত প্ৰকাশিত এটা প্ৰতিৱেদন অনুসৰি এই শক্তি উৎপাদন কেন্দ্ৰটো ত্ৰিপুৰা বিশ্ববিদ্যালয়ক প্ৰদান কৰা হৈছে। ভাৰতীয় সৌৰশক্তি নিগমৰ (Solar Energy Corporation of India চমুকৈ SECI) অধীনত এই বৃহৎ সৌৰশক্তি উৎপাদন প্ৰকল্প কাৰ্যকৰী কৰা হৈছে।

ভাৰতীয় সৌৰশক্তি নিগম হৈছে নতুন আৰু পুনৰ্নবীকৰণযোগ্য শক্তি মন্ত্ৰ্যালয়ৰ (Ministry of New and Renewable Energy চমুকৈ MNRE) অধীনস্থ এটা ৰাজহুৱা খণ্ডৰ গোট।

ত্ৰিপুৰা বিদ্যুৎ নিগম লিমিটেডে(Tripura State Electricity Corporation Limited চমুকৈ TSECL) নেট মিটাৰৰ শক্তি মানচিত্ৰ প্ৰস্তুত কৰি ত্ৰিপুৰা বিশ্ববিদ্যালয়ক সহায়তা আগবঢ়াব।

বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য বিজয়কুমাৰ লক্ষ্মীকাম্তৰাও দাৰুকাৰে কৈছে যে বছৰি প্ৰায় ৭ লাখ য়ুনিট বিদ্যুৎশক্তি উৎপাদনক্ষম এই সৌৰ পেনেলসমূহে প্ৰতি বছৰ বিশ্ববিদ্যালয়খনৰ ৩৬লাখ টকা ৰাহি কৰিব।

উপাচাৰ্যগৰাকীয়ে আৰু কৈছে যে বিদ্যুৎশক্তি ক্ৰয় চুক্তি অনুসৰি, সৌৰশক্তি প্ৰকল্পটোৰ পৰা উৎপাদিত হ’বলগীয়া বিদ্যুৎশক্তিৰ বাবত বিশ্ববিদ্যালয়খনে এপইচাও ব্যয় নকৰে।

এই বিদ্যুৎশক্তি ক্ৰয় চুক্তি ২০১৮ বৰ্ষৰ ছেপ্টেম্বৰ মাহত স্বাক্ষৰিত হৈছিল।  এই সৌৰশক্তি প্ৰকল্পটোৰ জৰিয়তে ত্ৰিপুৰা বিশ্ববিদ্যালয়ে ৬০শতাংশ বিদ্যুৎ ব্যয় ৰাহি কৰাৰ পৰিকল্পনা কৰিছে।