অব্যাহত আছে ক’ৰ’নাৰ সংহাৰ : ৩৫ বছৰীয়া যুৱকৰ মৃত্যু

corona-virus-death-toll-at-361-11-177-infected

প্ৰতিনিধিত্বমূলক চিত্ৰ

মধ্য প্ৰদেশৰ ইণ্ডোৰত ক’ৰ’না ভাইৰাছৰ ফলত আজি এজন ৩৫ বছৰীয়া যুৱকৰ মৃত্যু হৈছে। ক’ৰ’নাত আক্ৰান্ত এই যুৱকজনৰ চিকিৎসালয়ত মৃত্যু হয়।

উল্লেখ্য যে ৰাজ্যখনত এই পৰ্যন্ত দুগৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে।

ইয়াৰ পূৰ্বে ইণ্ডোৰৰ এমবাই চিকিৎসালয়ত যোৱা বুধবাৰে এগৰাকী ৬৫ বছৰীয়া মহিলাৰ মৃত্যু হৈছিল। তেওঁ আচলতে উজ্জেইনৰ বাসিন্দা।

উল্লেখ্য যে ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত বিশ্বৰ বিভিন্ন প্ৰান্তত মৃত্যু হোৱা লোকৰ ভিতৰত যুৱ প্ৰজন্মৰ লোকৰ সংখ্যা খুব কম। কিন্তু আজি মধ্য প্ৰদেশত ৩৫ বছৰীয়া যুৱকজনৰ মৃত্যু আৰু কিছুদিন পূৰ্বে বিহাৰৰ পাটনাত এজন ৩৮ বছৰীয়া যুৱকৰ মৃত্যুৱে সকলোকে চিন্তিত কৰি তুলিছে।

দেশৰ বিভিন্ন প্ৰান্তত সংহাৰী ৰূপ ধাৰণ কৰা ক’ৰ’না ভাইৰাছৰ আক্ৰান্তৰ সংখ্যা মধ্য প্ৰদেশত ধাৰাবাহিকভাৱে বৃদ্ধি পাই আছে। যোৱা ২৪ ঘণ্টাত ৰাজ্যখনত ৫ গৰাকী নতুন লোকৰ লগতে সৰ্বমুঠ ২০ গৰাকী ইয়াৰ আক্ৰান্ত হৈছে।

ইফালে দেশত এই পৰ্যন্ত ৭১৮ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হোৱাৰ লগতে ১৪ গৰাকী ভাৰতীয় লোকৰ মৃত্যু হৈছে।