NORTHEAST NOW (Assamese)

উত্তৰ-পূবত দ্বিতীয়জন কৰ’না আক্ৰান্ত মিজোৰামৰ ৫০ বছৰীয়া ব্যক্তি

March 25, 2020 11:19 am · কল্পজ্যোতি শইকীয়া
প্রতিনিধিত্বমূলক চিত্র

উত্তৰ-পূবত দ্বিতীয়জন কৰ’নাত আক্ৰান্ত হোৱা ব্যক্তিৰ খবৰ আহি পৰিছে।

মিজোৰামৰ ৫০বছৰীয়া এজন লোক আক্ৰান্ত হৈছে এই মাৰাত্মক ভাইৰাছত।

লোকজনৰ দেহত COVID19 পজিটিভ ধৰা পৰিছে।

প্ৰথমতে মিজোৰামৰ পৰীক্ষাগাৰত পৰীক্ষা কৰি তাৰ পাছত দ্বিতীয় পৰীক্ষাৰ বাবে নমুনা প্ৰেৰণ কৰা হৈছিল GMCH লৈ।

ইয়াতো পজিটিভ ধৰা পৰা বুলি নৰ্থ ইষ্ট নাওৰ সাংবাদিকক জনায় GMCH ৰ অধীক্ষক ডঃ ৰমেন তালুদাৰে।

মিজোৰামত পৰীক্ষাগাৰত পজিটিভ ওলোৱাৰ পাছত নিশা প্ৰায় ১১ বজাত ব্যক্তিগৰাকীৰ নমুনা GMCH লৈ পঠোৱা হৈছিল।

দ্বিতীয়বাৰ GMCH ৰ ICMR ত পৰীক্ষা কৰাৰ পাছতো তেওঁৰ পজিটিভ পোৱা বুলি অধীক্ষক তালুকদাৰে কয়।

জানিব পৰা মতে কৰ’নাত আক্ৰান্ত লোকজনে শেহতীয়াভাৱে ভ্ৰমণ কৰিছিল বহুকেইখন দেশত।

লোকজনে কাটাৰ, আমষ্ট্ৰাডাম, ইস্তানবুল, দোহা ভ্ৰমণ কৰা বুলি জানিব পৰা গৈছে।

বৰ্তমানলৈকে অৱশ্যে কোনো চৰকাৰী তথ্য প্ৰকাশ পোৱা নাই।

উল্লেখযোগ্য যে,কালি মণিপুৰৰ পশ্চিম ইম্ফলৰ ২৩ বছৰীয়া যুৱতী এগৰাকীৰ শৰীৰত এই ভাইৰাছবিধ ধৰা পৰিছিল।

অলপতে তেওঁ ব্ৰিটেইনৰ পৰা আহিছিল বুলি জানিব পৰা গৈছে।

Related News