NORTHEAST NOW (Assamese)

আজি ৰঙালী বিহুৰ দ্বিতীয় দিন মানুহ বিহু…

April 15, 2025 8:00 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: April 14, 2025 6:50 pm

আাজি অসমীয়া বাপতি সাহোন ৰঙালী বিহুৰ দ্বিতীয় দিন আজিৰ দিনটোত উদযাপন কৰা হয় মানুহ বিহু । বহাগ বিহুৰ প্ৰথম দিনা গৰু বিহু ।

ৰঙালী বিহুৰ দ্বিতীয় দিনা অৰ্থাৎ আজি উদযাপন কৰা মানুহ বিহুত ৰাতিপুৱা গা-পা ধুই কনিষ্ঠজনে জ্যেষ্ঠজনৰ আশীৰ্বাদ লয়। অসমীয়া নৱবৰ্ষৰ প্ৰথমটো দিনত পৰিয়ালৰ জ্যেষ্ঠজনে সমগ্ৰ বছৰটো কুশলে পাৰ হবলৈ আশীৰ্বাদ দিয়াৰ লগতে আপোনজনে বিহুৱান দি চেনেহ ব্যক্ত কৰে অসমীয়া বছৰটোৰ প্ৰথমটো দিনত ৰাতিপুৱাৰ জলপান পৰিয়ালৰ সকলোৱে একেলগে খাই ডেকা-গাভৰু, কিশোৰ-কিশোৰী সকল বিহু মাৰিবলৈ যায় ।

আধুনিকতাৰ ধামখুমীয়াত বৰ্তমান সমাজত বিহু মাৰিবলৈ যোৱাৰ দৃশ্য সূলভ নহলেও একেবাৰে বিলুপ্ত হৈ যোৱা নাই। আজিৰ দিনটো গাঁৱে-ভূঞে চলি আহিছে এই পৰম্পৰা ।

নগৰ হওক অথবা গাঁৱেই হওক, বিহু অসমীয়া ৰাইজৰ অতিকৈ আপোন বহুটো প্ৰথা বা নিয়ম হয়তো ব্যস্ত জীৱনৰ বাবে বাদ পৰি গৈছে কোনো কোনো অঞ্চলত কিন্তু বিহু সদায়েই থলগিৰি অসমীয়াৰ মন, প্ৰাণ আৰু তেজত চিৰদিনৰ বাবে প্ৰৱাহিত হৈ যাব

Related News