কৰ’না ভাইৰাছত দেশত দ্বিতীয় গৰাকী লোকৰ মৃত্যু
কৰ’না ভাইৰাছত ভাৰতত দ্বিতীয় গৰাকী লোকৰ মৃত্যু হৈছে। শুকুৰবাৰে নিশা দেশৰ ৰাজধানী দিল্লীত এগৰাকী ৬৯ বৰ্ষীয় মহিলাৰ কৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত মৃত্যু হয়।
কৰ’না ভাইৰাছৰ লগতে ডায়াবেটিছ আৰু হাইপাৰ টেনশ্যনত আক্ৰান্ত মহিলা গৰাকীক চিকিৎসাৰ বাবে দিল্লীৰ মনোহৰ লোহিয়া হস্পিটেলত ভৰ্তি কৰোৱা হৈছিল যদিও শুকুৰবাৰে নিশা মৃত্যু হয় মহিলা গৰাকীৰ।
মহিলা গৰাকীৰ মৃত্যুৰ লগে লগে কৰ’না ভাইৰাছৰ ফলত ৰাজধানী দিল্লীত প্ৰথমগৰাকী লোকৰ মৃত্যু হয়।
ইয়াৰ পূৰ্বে ১২ মাৰ্চত কৰ্ণাটকত দেশৰ প্ৰথম গৰাকী কৰ’না ভাইৰাছত আক্ৰান্ত লোকৰ মৃত্যু হৈছিল।
উল্লেখযোগ্য যে, দিল্লীত মৃত্যু হোৱা মহিলা গৰাকীৰ পুত্ৰই অলপতে বিদেশ ভ্ৰমণৰ পৰা আহিছিল আৰু কৰ’না ভাইৰাছত আক্ৰান্ত হৈছিল।
পুত্ৰ কৰ’না ভাইৰাছত আক্ৰান্ত হোৱাৰ পাছত তেওঁলোকৰ পৰিয়ালৰ সকলো লোক কৰ’না ভাইৰাছৰ সংক্ৰমণৰ কবলত পৰে আৰু চিকিৎসাধীন হ’বলগীয়া হয়।
‘‘আমি মহিলা গৰাকীক বচাবৰ বাবে প্ৰয়োজনীয় সকলো চেষ্টা কৰিছিলো যদিও তেওঁ ডায়াবেটিছ আৰু হাইপাৰ টেনশ্যনত আক্ৰান্ত হোৱা বাবে পৰিস্থিতি জটিল হৈ পৰিছিল আৰু অবশেষত তেওঁ মৃত্যুক আকোৱালি লয়,’’ এগৰাকী চিকিৎসকে কয়।
ৰাজধানী দিল্লীত কৰ’না ভাইৰাছৰ পৰিপ্ৰেক্ষিতত সকলো বিদ্যালয়, চলচ্চিত্ৰ গৃহ ৩১ মাৰ্চ পৰ্যন্ত বন্ধ ৰখাৰ নিৰ্দেশ দিছে অৰবিন্দ কেজৰিৱাল চৰকাৰে।
সমগ্ৰ বিশ্বত কৰ’না ভাইৰাছৰ ফলত বৰ্তমানলৈ ৫০০০ গৰাকী লোকৰ মৃত্যু হৈছে।