ফেব্ৰুৱাৰীত সাজু হৈ উঠিব নতুন সংসদ ভৱন! নতুন ভৱনত হ’ব পাৰে বাজেট অধিৱেশনৰ দ্বিতীয় পৰ্যায়

New Parliament

নিৰ্মীয়মাণ নতুন সংসদ ভৱন আগন্তুক বৰ্ষৰ মাৰ্চ মাহত উদ্বোধন হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। দেশৰ এই নতুন সংসদ ভৱনতে হ’ব পাৰে বাজেট অধিবেশনৰ দ্বিতীয় পৰ্যায়। এক চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে এই কথা।

সূত্ৰ অনুসৰি নতুন সংসদ ভৱনৰ কাম পূৰ্ণগতিত চলি আছে আৰু ফেব্ৰুৱাৰী মাহৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। গতিকে বাজেট অধিৱেশনৰ দ্বিতীয় পৰ্যায় নতুন সংসদ ভৱনতে অনুষ্ঠিত হোৱাৰ প্ৰায় সম্ভাৱনা আছে।

স্মৰ্তব্য যে, সংসদৰ বাজেট অধিবেশন পৰম্পৰাগতভাৱে দুটা পৰ্যায়ত অনুষ্ঠিত হয়। সাধাৰণতে ৩০ বা ৩১ জানুৱাৰীৰ পৰা আৰম্ভ হয় প্ৰথমটো পৰ্যায় আৰু ১ ফেব্ৰুৱাৰীত দাখিল কৰা হয় কেন্দ্ৰীয় বাজেট।

প্ৰথম পৰ্যায়ৰ অধিৱেশন সাধাৰণতে ৮ বা ৯ ফেব্ৰুৱাৰীত সমাপ্ত হয় আৰু ফেব্ৰুৱাৰী মাহৰে দ্বিতীয় সপ্তাহত অধিবেশনৰ দ্বিতীয় অংশ আৰম্ভ হয়।

ইতিপূৰ্বে কেন্দ্ৰীয় গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী হৰদীপ সিং পুৰীয়ে যোৱা মাহত নতুন সংসদ ভৱন নিৰ্মাণৰ কাম দ্ৰুত গতিত চলি আছে বুলি মন্তব্য কৰিছিল।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২০ চনৰ ডিচেম্বৰ মাহত নতুন সংসদ ভৱনৰ আধাৰশিলা স্থাপন কৰিছিল। টাটা প্ৰজেক্টছ লিমিটেডে নিৰ্মাণ কৰিছে এই নতুন সংসদ ভৱন।

নতুন ভৱনটোত ভাৰতৰ গণতান্ত্ৰিক ঐতিহ্য প্ৰদৰ্শনৰ বাবে এটা গ্ৰেণ্ড কনষ্টিটিউচন হল, সংসদৰ সদস্যসকলৰ বাবে এটা কোঠা, এটা পুথিভঁৰাল, একাধিক কমিটি কক্ষ, ডাইনিং এৰিয়া আৰু বিস্তৃত পাৰ্কিং স্থানো থাকিব।