NORTHEAST NOW (Assamese)

বাঘজানৰ জুই: পৰিদৰ্শন, বিশেষজ্ঞৰে আলোচনা পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ সচিবৰ

June 24, 2020 5:06 pm · অভীক চক্ৰবৰ্তী

ভাৰত চৰকাৰৰ পেট্ৰলিয়াম আৰু গেছ সচিব তৰুণ কাপুৰে বাঘজানৰ জ্বলি থকা গেছখাদটোৰ মুখ বন্ধ কৰা সন্দৰ্ভত বুধবাৰে M/s Alert Disaster Controlৰ বিশেষজ্ঞসকলৰ সৈতে  আলোচনাত মিলিত হয়।

খাদটো বন্ধ কৰাৰ পৰিকল্পনা সন্দৰ্ভত তেওঁ বিদেশী বিশেষজ্ঞসকলৰ লগতে অ’ এন জি চি (অনশ্ব’ৰ) প্ৰাক্তন সঞ্চালক ভি পি মাহাৱাৰ আৰু অইল আৰু অ’ এন জি চিৰ দলৰ পৰা বুজ লয়।

কাপুৰে মঙলবাৰে বাঘজানৰ ৫নং গেছ খাদৰ অগ্নিকাণ্ডৰ স্থান পৰিদৰ্শন কৰিছিল।

আৰু অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য পৰিচালন সঞ্চালক আৰু ফাংচনেল ডিৰেক্তৰসকলৰ সৈতে তেওঁ স্থানটোত কামৰ অগ্ৰগতিৰ বুজ লৈছিল।

কাপুৰে বাঘজানত আশ্ৰয় শিৱিৰো পৰিভ্ৰমণ কৰে আৰু কামৰ বুজ লয়।

জিলা প্ৰশাসনৰ সৈতেও মঙলবাৰে তেওঁ বিস্তৃত আলোচনাত মিলিত হয় আৰু পৰৱৰ্তী কাৰ্য্যপন্থা সম্বন্ধে তেওঁলোকক জনায়।

ইফালে অইলে জাৰি কৰা বিবৃতি মতে, বহুকেইটা স্থানত তেল আৰু গেছ উৎপাদনত অৱৰোধ উঠাই লোৱা হৈছে।

বৰ্তমান এটা খনন স্থান আৰু তিনিটা ৱৰ্কঅ’ভাৰ স্থানত অৱৰোধ চলি আছে।

Related News