• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

যোৰহাটৰ চিকিৎসালয়ত অদ্ভুত কাণ্ড : মৃতদেহৰ পৰা কাণফুলি চুৰি

স্মিতা ভট্টাচাৰ্য্য by স্মিতা ভট্টাচাৰ্য্য
February 21, 2020 6:12 pm
JMH
1.3k
VIEWS
Share on FacebookShare on Twitter

যোৰহাটৰ মিশ্যন হস্পিটেলত কৰ্তব্যৰত এজন নিৰাপত্তাৰক্ষীয়ে চিকিৎসালয়খনৰ এগৰাকী মৃত ৰোগীৰ কাণৰ পৰা কাণফুলি চুৰ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

চিকিৎসালয়খনৰ এজন বিষয়াই কয় যে মৃত মহিলাগৰাকীক ২০ ফেব্ৰুৱাৰিৰ নিশা আই চি য়ুত ভৰ্তি কৰা হৈছিল আৰু সেই নিশাই মৃত্যুও হয়।

পৰিয়ালে মৃতদেহটো ঘৰলৈ লৈ যোৱাৰ পিছত দাহ কৰাৰ বাবে প্ৰস্তুত কৰোতে কাণৰ ফুলিযোৰ নথকাটো আৱিষ্কাৰ কৰে।

তাৰ পিছতে বাঘচোং গাওঁখনৰ (মহিলাগৰাকীৰ গাওঁ) কিছু সংখ্যক লোক পৰিয়ালৰ লোকৰ সৈতে চিকিৎসালয়খনলৈ আহে আৰু চিকিৎসালয়ৰ কৰ্মচাৰীয়ে ফুলিযোৰ চুৰ কৰা বুলি অভিযোগ তোলে।

কৰ্তৃপক্ষই CCTV ৰ ফুটেইজ পৰীক্ষা কৰে আৰু আই চি য়ুত কৰ্তব্যৰত ডেভিদ ভৰদ্বাজ নামৰ নিৰাপত্তাৰক্ষীজনে ফুলিযোৰ এৰুৱাই লোৱাটো ধৰা পৰে।

কৰ্তব্যৰ পিছত ঘৰলৈ যোৱা ভৰদ্বাজক মাতি অনা হয়। প্ৰথম অৱস্থাত তেওঁ অস্বীকাৰ কৰিছিল যদিও পিছত সৈ কাঢ়ে। নিৰাপত্তাৰক্ষীজনক আৰক্ষীক গতাই দিয়া হয়।

আনহাতে তেওঁৰ পত্নীয়ে ফুলিযোৰ আনি আৰক্ষীক হাতত চমজাই দিয়ে।

বিষয়াজনে জনোৱামতে, চিকিৎসালয়খনে ত্ৰিশূল ছিকিউৰিটি ছাৰ্ভিছ নামৰ ব্যক্তিগত খণ্ডৰ কোম্পানিৰ পৰা নিৰাপত্তা কৰ্মী লয় আৰু কোম্পানিটোতো এখন অভিযোগ পত্ৰ দিয়া হৈছে।

“এইটোৱে আমাৰ চিকিৎসালয়খনলৈ বদনাম আনিব। এইটো কোম্পানিৰ পৰা ছিকিউৰিটি গাৰ্ড লোৱা হ’ব নে নহয় কমিটীয়ে পৰৱৰ্তী বৈঠকত সিদ্ধান্ত ল’ব”, বিষয়াজনে কয়।

জনপ্ৰিয়ভাৱে মিশ্যন হস্পিটেল হিচাপে খ্যাত খ্ৰীষ্টান মেডিকেল চেণ্টাৰ (Christian Medical Centre) যোৰহাটৰ এখন প্ৰাচীন আৰু প্ৰতিষ্ঠিত তথা সুনাম থকা চিকিৎসালয়। ব্ৰিটিছৰ যুগতে স্থাপন কৰা চিকিৎসালয়খনত শেহতীয়াকৈ এন আৰ এলে ঔদ্যোগিক সামাজিক দায়বদ্ধতাৰ অধীনত এটা অক্সিজেন প্লাণ্টো স্থাপন কৰিছিল।

Recent News

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd