JEE Main Result 2021: ক’ত কেনেকৈ চাব ৰেংক, কাট অফ বা NTA স্ক’ৰ?

WhatsApp Image 2021-09-13 at 2.15.11 PM

প্ৰতিনিধিত্বমূলক ফটো।

JEE Main Result 2021, আজিয়েই জইন্ট এন্ট্ৰেন্স পৰীক্ষাৰ ‘মেইন’ৰ ফলাফল ঘোষণা কৰা হ’ব পাৰে। ইতিমধ্যে বহু বিলম্ব ঘটা এই পৰীক্ষাৰ ফলাফল যিকোনো মুহূৰ্তে প্ৰকাশ পাব বুলি জানিব পৰা গৈছে।

প্ৰাৰ্থীসকলে পৰীক্ষাৰ ফলাফলৰ বাবে নেশ্যনেল টেষ্টিং এজেন্সি অৰ্থাৎ NTA ৰ অফিচিয়েল ৱেবছাইট বা ৰিজাল্ট পৰ্টেল চাব লাগিব।

ফলাফলৰ লগতে একেদিনাই উত্তৰ বহী, কাট অফ তথা অল ইণ্ডিয়া ৰেংকিঙৰ তালিকাও প্ৰকাশ কৰিব NTAয়ে।

যোৱা ২৬, ২৭, ৩১ আগষ্ট আৰু ১ তথা ২ ছেপ্টেম্বৰত JEE Main 2021 পৰীক্ষাৰ চতুৰ্থ ছেছন দেশৰ ৩৩৪খন চহৰত অনুষ্ঠিত হৈছিল।

JEE Main পৰীক্ষাৰ প্ৰথম আঢ়ৈ লাখ পৰীক্ষাৰ্থীয়ে JEE এডভান্সৰ বাবে সুযোগ লাভ কৰিব। কাইলৈ আবেলি এডভান্সৰ বাবে ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়া আৰম্ভ হ’ব।

JEE Main 2021 পৰীক্ষাৰ ফলাফল চাবলৈ লগ ইন কৰক:

কেনেকৈ চাব ফলাফল:-

 *প্ৰথমতে jeemain.nta.nic.in –ৱেবছাইট যাওক।

* ডিছপ্লেত ৰিজাল্ট লিংক দেখা পাব, তাত ক্লিক কৰক।

*লগ ইন কৰাৰ প্ৰয়োজনীয় তথ্য দি লগ ইন কৰক।

ডিজিলকাৰত কেনেকৈ চাব ফলাফল:-

*ডিজিলকাৰত গৈ লিংকত ক্লিক কৰি আধাৰ অনুসৰি নিজৰ নাম, জন্ম তাৰিখ, মোবাইল নম্বৰ দিয়ক।

*এটা ৬টা ডিজিটৰ ছিকিউৰিটি পিন ছেট কৰি নিজৰ ই-মেইল আইডি দিয়ক।

*তাৰপাছত আধাৰ নম্বৰ এড কৰক।

*তথ্য সন্নিৱিষ্ট কৰাৰ পাছত এটা য়ুজাৰ নেম বাচি লোক।

*ইয়াৰ পাছত ডিজিলকাৰ একাউন্ট প্ৰস্তুত হৈ গ’লে এপ্লিকেশ্যন নম্বৰ জমা দি তাত ফলাফল চাওক।