উত্তৰসূৰীৰ ক্ৰিকেটৰ ছন্দত জীপাল বিজয় মাৰ্চেন্ট ট্ৰফী; দ্ৰাবিড়-পুত্ৰৰ বিৰুদ্ধে বিস্ফোৰক ছেহৱাগ পুত্ৰ

ভাৰতীয় দলত সতীৰ্থ আছিল তেওঁলোক। বহুসময়ত দেশৰ হৈ খেলি দুয়ো বিপক্ষৰ নিদ্ৰাহৰণ কৰিছিল। দলৰ বাবে এগৰাকী আছিল দ্য ৱাল আৰু আনগৰাকী বিস্ফোৰক অপেনাৰ।সেই ৰাহুল দ্ৰাবিড় আৰু বীৰেন্দ্ৰ ছেহৱাগৰ সন্তান অৱশ্যে এই মুহূৰ্তত প্ৰতিদ্বন্দ্বী।

১৬ বছৰ অনুৰ্ধ বিজয় মাৰ্চেণ্ট ট্ৰফীত ৰাহুলৰ কনিষ্ঠ পুত্ৰ অনয় দ্ৰাবিড়ে কৰ্ণাটক দলৰ অধিনায়কত্ব কৰিছে। আনহাতে, দিল্লীৰ হৈ ইনিংছ মুকলি কৰিবলৈ নামি পিতৃৰ দৰে ধুমুহাৰ সৃষ্টি কৰিছে আৰ্যবীৰ ছেহৱাগে।

প্ৰথম দিনাই তেওঁ কঠিন পৰীক্ষাৰ সন্মুখীন হৈছিল আৰু শূন্য ৰাণতে আউট হৈছিল অন্যয়। কিন্তু চিনাকি ছন্দত আছিল আৰ্যবীৰ। ছেহৱাগৰ ডাঙৰ পুত্ৰ ৫০ ৰানত অপৰাজিত থাকে।

লগতে পঢ়কঃ নাগাৰ লগত বিচ্ছেদ অতীত! বহুদিনৰ মূৰত এক নতুন অধ্যায় আৰম্ভ কৰিলে সামন্থাই

ক্ৰিকেট খেলপথাৰত দ্ৰাবিড় বনাম ছেহৱাগৰ যুটীত ক্ৰীড়াপ্ৰেমীৰ আগ্ৰহ অধিক আছিল। ভাৰতৰ সোণালী যুগৰ সেই তাৰকাৰ সন্তান ডাঙৰ হৈ ওলাই আহিছে।

ইতিমধ্যে আই পি এলত অভিষেক ঘটাইছে কিংবদন্তি শচীন টেণ্ডুলকাৰৰ পুত্ৰ অৰ্জুনে। লগতে গোৱাৰ হৈ নিয়মীয়াকৈ খেলি আছে। ৰাহুলৰ জ্যেষ্ঠ পুত্ৰ সমিতে কৰ্ণাটকৰ ১৯ বছৰ অনুৰ্ধৰ হৈ কোচ বিহাৰ ট্ৰফীত খেলিছে। ১৯ বছৰ অনুৰ্ধ ভাৰতীয় দলত স্থান লাভ কৰাত অলপৰ বাবে ব্যৰ্থ হয় সমিত।

লগতে পঢ়কঃপেলেষ্টাইনী শিশুৰ সমৰ্থনত এইবাৰ যুদ্ধবিৰতিৰ আহ্বান প্ৰিয়ংকা চোপ্ৰাৰ

অন্ধ্ৰ ক্ৰিকেট এছ’চিয়েশ্যনৰ ষ্টেডিয়াম মংগলাগিৰিত অন্যয়ে মাত্ৰ দুটা বলত কোনো ৰান নকৰাকৈ আউট হয়। কৰ্ণাটক ১৪৪ ৰানত অল আউট হয়। ইপিনে, ৯৮টা বলত ৫০ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে আৰ্যবীৰ। নিজৰ ইনিংছত ছেহৱাগ-পুত্ৰই চাৰিটা চাৰি আৰু এটা ছয় মাৰে।