অষ্ট্ৰেলিয়াই প্ৰথম সুবিধা পাইছিল ‘কনকাশ্যন’ৰ, এতিয়া বিনাইছে কিয়? প্ৰশ্ন সেহৱাগৰ

WhatsApp Image 2020-12-06 at 7.29.50 AM

বীৰেন্দ্ৰ সেহৱাগ।

কৰ’না পৰিস্থিতিৰ মাজতে চলি থকা ভাৰত-অষ্ট্ৰলিয়াৰ মাজত চলি থকা প্ৰথমখন টী-টুৱেন্টিত ‘কনকাশ্যন ছাব’ক লৈ বিতৰ্ক তুংগত উঠিছে।

ৰবীন্দ্ৰ জাডেজাৰ ‘কনকাশ্যন’ সলনি খেলপথাৰত নমা যুজবেন্দ্ৰ চাহালে ৩টা উইকেট দখল কৰি ভাৰতক ১১ৰাণৰ বিজয় আনি দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা লয়।

ইয়াৰ পাছতে বিতৰ্কৰ সৃষ্টি হয়। অলৰাউণ্ডাৰ জাডেজাৰ স্থানৰ স্পেচিয়েলিষ্ট স্পিনাৰ চাহালক খেলোৱাৰ তীব্ৰ প্ৰতিবাদ কৰে অষ্ট্ৰেলিয়াৰ শিৱিৰ।

খেলখনৰ পাছতে অষ্ট্ৰেলিয়া দলৰ অলৰাউণ্ডাৰ মোজেছ হেনৰিকছে ভাৰতীয় দলৰ বিৰুদ্ধে ‘কনকাশ্যন ছাব’ নিয়মৰ অপব্যৱহাৰ কৰাৰ অভিযোগ কৰে।

তেওঁৰ যুক্তি আছিল যে হেলমেটত বল লগাৰ বাবে জাডেজাৰ কনকাশ্যন ছাব নমাবই পাৰে। কিন্তু জাডেজা এজন অলৰাউণ্ডাৰ আৰু চাহাল হৈছে স্পেচিয়েলিষ্ট স্পিনাৰ। কনকাশ্যনৰ ক্ষেত্ৰত এনেধৰণে ক্ৰিকেটাৰৰ ছাব হিচাপে ব্যৱহাৰ কৰিব পাৰিনে? জাডেজা আৰু চাহাল কিদৰে একেধৰণৰ ক্ৰিকেটাৰ সেইটো বোধগম্য নহ’ল।

এই বিষয়ত এইবাৰ অষ্ট্ৰেলিয়াক উভতি ধৰিছে ভাৰতীয় দলৰ প্ৰাক্তন বিস্ফোৰক অপেনিং বেটছমেন বীৰেন্দ্ৰ সেহৱাগে।

তেওঁ কয় যে আমাৰ ফালৰ পৰা সিদ্ধান্তটো সঠিক আছিল। জাডেজা খেলাৰ বাবে ফিট নাছিল। বল কৰিব নোৱাৰিলেহেঁতেন। কনকাশ্যন হ’বলৈ কিমান সময় লাগে? ২৪ঘন্টা সময়ো লাগে। ভাৰতে সুযোগৰ সদ্ব্যৱহাৰ কৰিছে।

তেওঁ লগতে কয় যে ড্ৰেছিংৰুমলৈ খেলাৰ পাছত আহি বুজিব পাৰি অৱস্থাটো কিমান কঠিন। বহু সময়ত মূৰ ঘুৰায়। মইয়ো বহুবাৰ হেলমেটত আঘাত পাইছো। সেয়া মই জানো। আমাৰ দিনত এই নিয়ম নাছিল।

সেহৱাগে উনুকিয়াই দিয়ে যে স্টিভ স্মিথে আঘাত পোৱাৰ পাছত তেওঁৰ সলনি লাবুছেনে নামি ৰাণ কৰিছে। তেওঁলোকেই এই নিয়মৰ প্ৰথম সুবিধা লাভ কৰিছে। এতিয়া তেওঁলোকে বিনাইছে কিয়?