NORTHEAST NOW (Assamese)

চৰকাৰী বন্দুক হাতত লৈ চোৰাং বেপাৰীয়ে চলাইছে বন বিভাগ

July 26, 2019 8:31 am · নীলমণি শৰ্মা
স্বয়ম্ভু বন বিষয়া মহিবুল আলী। ফটো : নৰ্থ-ইষ্ট নাও

গোৱালপাৰা জিলাৰ কৃষ্ণাই মধ্যাঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ বিষয়া জুলফিকাৰ আহমেদৰ শেহতীয়া কৰ্মকাণ্ডই আতংকিত কৰি তুলিছে সচেতন মহলক। বিষয়া গৰাকীৰ ছত্ৰছায়াতে মহিবুল আলী ওৰফে পিছলা নামৰ এগৰাকী চোৰাং বেপাৰীক ‘স্বয়ম্ভু্’ বন বিষয়া পাতি চলাই আহিছে লুণ্ঠন।

বন বিষয়া জুলফিকৰ আহমেদে সৃষ্টি কৰা স্বয়ম্ভু বন বিষয়া মহিবুল ওৰফে পিছলাৰ নিৰ্দেশতে এতিয়া চলে কৃষ্ণাইৰ বন কৰ্মী সকল। ইয়াৰ উপৰি বৰপেটাৰ বাঘবৰৰ পৰা চোৰাং ব্যৱসায় কৰাৰ উদ্দেশ্যেৰে কৃষ্ণাইত থিতাপি লোৱা মহিবুলে নিগাজিকৈ কৃষ্ণাই বন বিভাগৰ চৰকাৰী আৱাস গৃহও দখল কৰি লৈছে।

চৰকাৰী আৱাস গৃহত থকাৰ উপৰি আটাইতকৈ আশ্চৰ্যকৰ কথাটো হ’ল মহিবুলে বন কৰ্মীৰ পোচাক পৰিধান কৰি হাতত অস্ত্ৰ লৈ দায়িত্বও পালন কৰে।

এজন সাধাৰণ চোৰাং ব্যৱসায়ীক কিয় এনে ধৰণৰ চৰকাৰী সুবিধা প্ৰদান কৰিছে তাক লৈ এতিয়া কৃষ্ণাই তথা সমগ্ৰ গোৱালপাৰা জিলাতে চলিছে ব্যাপক চৰ্চা।

এক বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে বন বিষয়া জুলফিকাৰ আহমেদে এইগৰাকী স্বয়ম্ভু বন বিষয়াৰ জৰিয়তে বিভাগটোত ব্যাপক অনিয়ম সংঘটিত কৰি আছে।

ইফালে স্থানীয় ৰাইজে অসাংবিধানিক ভাবে এজন চোৰাং ব্যৱসায়ীক চৰকাৰী পোচাক আৰু চৰকাৰী অস্ত্ৰ তুলি দি ভুৱা বনৰক্ষী সজোৱা ঘটনাৰ এক উচিত তদন্ত কৰি দোষীক শীঘ্ৰে শাস্তি প্ৰদানৰ দাবী কৰে।

Related News